মুনীন বৰকটকী বঁটা প্ৰাপ্ত গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ‘স্মৃতিৰ বৰ্ষা’ ভিন্নসুৰী গল্পৰ এটি মেটমৰা সংকলন। বিষয়-বিস্তৃতিৰ পৰা আৰম্ভ কৰি চৰিত্ৰৰ বৈপৰীত্যলৈকে গল্পসমূহৰ উপস্থাপন আৰু নিৰ্মাণশৈলী ব্যতিক্ৰমী আৰু তৃপ্তিদায়ক।
গল্পসমূহৰ বৰ্ণনাশৈলীতো এক ধৰণৰ চমৎকাৰিত্ব লক্ষ্য কৰা যায়; যাৰ দ্বাৰা চৰিত্ৰৰ কাৰ্যক্ৰমণিকা আৰু মনোজগতৰ প্ৰতিচ্ছবি একোখন গল্পকাৰে স্বচ্ছতাৰে আঁকি পেলাব পাৰিছে। শৰীৰত কেঞ্চাৰৰ উপস্থিতি ধৰা পৰা নৈঋতাৰ মানসিক অস্থিৰতাখিনিৰ প্ৰাবল্যক চৰিত্ৰৰ গতিবিধিৰ সাৱলীল বৰ্ণনাৰে অনুমেয় কৰি তোলা হৈছে । ‘তুমি শেষ হৈ গ’লে ময়োতো শেষ হৈ যাব লাগিব’ বুলি প্ৰেমিক অৰ্ণৱে তাইক প্ৰবোধ দিছে; অথচ ৰোগ আৰু চিকিৎসাই অনাকৰ্ষণীয় আৰু নিশকতীয়া কৰি তোলাৰ বাবেই চূড়ান্ত ভণ্ডামিৰে সেই একেজন প্ৰেমিকে তাইক এৰি থৈ গৈছে; এদিন তাইৰ কেৰিয়াৰৰো পতন ঘটিছে। সিমানৰ পাছতো তাই খামুচি ৰখা মানসিক দৃঢ়তাখিনিক গল্পকাৰে সন্তোষজনকভাৱে তুলি ধৰিছে। নৈঋতাই ভাবিছে–
“এখন দুৱাৰ বন্ধ হ’লে ভগৱানে আন এখন দুৱাৰ খুলি দিয়ে। মানুহে মাত্ৰ সেই দুৱাৰখনেৰে ওলাই যাব জানিব লাগিব। দুৱাৰখনৰ সিপাৰে আগৰ পৃথিৱীখনতকৈও এখন বহল, সুন্দৰ পৃথিৱী থাকিব পাৰে। “(পৃষ্ঠা ৩৬)
জীৱনৰ সকলো বাট বন্ধ হৈ যোৱাৰ পাছতো ৰৈ যোৱা সুযোগ আৰু সম্ভাৱনাৰ কথাৰে লেখকে এনেকৈয়ে নিৰ্মাণ কৰিছে কোনো কোনো গল্পৰ সুখকৰ পৰিণতি। তাৰ বিপৰীতে, কৃষ্ণেন্দুৰ দৰে মানুহে অনবৰতে কঢ়িয়াই লৈ ফুৰিছে অকাৰণতে মনত জন্মা নৈৰাশ্য আৰু দু‌ঃখবোধ,শ্মশানপ্ৰীতিৰ দৰে অদ্ভুত ৰুচি। গল্পবোৰ যেন মানুহৰ মনৰ একো একোখন আশ্চৰ্যকৰ পৃথিৱী।
সৰু একোটা ঘটনাকে তাৰ আনুষংগিক অনেক সৰু-বৰ কথাৰে সৈতে সংযুক্ত কৰি বৰ সৰসভাৱে গল্পসমূহ উপস্থাপন কৰা হৈছে। ‘প্ৰস্তুতি পৰ্ব’ গল্পটোত অনিতাৰ গৰ্ভাৱস্থাৰ আঁত ধৰি ল’ৰা পোনা এটি বিচৰা শাহুৱেক অথবা সকাম-নিকাম, চিকিৎসা আদিৰ খৰচে হাবাথুৰি খুওৱা স্বামী অৰূপৰ চিন্তা-ভাবনাৰ সঠিক উমান পাব পাৰি গল্পকাৰৰ বুদ্ধিদীপ্ত বক্তব্যৰে। গৰ্ভৱতী পত্নীৰ বাবে এহেজাৰ টকা কেজিৰ আমণ্ড কিনিবলৈ যাওঁতে অৰূপে নিজকে প্ৰশ্ন কৰে–
“… এইবিধ বস্তুত এনে কি শক্তি নিহিত হৈ আছে যে বস্তুবিধ নাখালেই নহয়, বস্তুটো নাখালে সিহঁতৰ সন্তানটোৰ গঠনত মাৰাত্মক ক্ষতি হ’ব পাৰে! ক’তা সিহঁতৰ মাকে দেখোন এইবোৰ বস্তুৰ একোৱেই খোৱা নাছিল। খোৱাটোতো বাদেই বস্তুবোৰৰ নামেই শুনা নাছিল। “(পৃষ্ঠা ১২৫)
এইধৰণৰ সৰু সৰু কথা অথবা অনুভৱ-উপলব্ধিবোৰৰ আকৰ্ষণীয় চিত্ৰায়ণে পাঠককো গল্পসমূহৰ কাহিনী আৰু চৰিত্ৰৰ সৈতে পোনপটীয়াকৈ যুক্ত কৰিব পাৰিছে। জীৱনৰ বহু ৰহস্যময়তা আৰু অমীমাংসিত হৈ ৰোৱা বহু প্ৰশ্নও গল্পকাৰে সে়য়েহে পাঠকলৈ এৰিছে।

SMRITIR BARKHA – SHORT S...

Original price was: ₹ 250.00.Current price is: ₹ 200.00.

In stock

or
error: Content is protected !!