No products in the cart.
Return To ShopNo products in the cart.
Return To Shopহীৰেন ভট্টাচাৰ্য (ইংৰাজী: Hiren Bhattacharyya) (২৮ জুলাই, ১৯৩২ - ৪ জুলাই, ২০১২) - অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি৷ তেখেতৰ দ্বাৰা ৰচিত মুঠ ১৩ খন অসমীয়া ভাষাত কবিতা পুথি আৰু বাংলা ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৫২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল 'হীৰুদা'৷ তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ’দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে। সাহিত্যিক অৱদান: বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হী্ৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়৷ ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায় ৷ কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জল দিশ ৷ ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়৷ প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু৷ ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে ৷ ’চিত্ৰবন’, ’মনন’ আৰু ’আন্তৰিক’ নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান(১৯৭২)। ১৯৮৬ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল ।
© scientiabooks.in an online Book Store in Guwahati.