বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha, ৩১ জানুৱাৰী,১৯০৯- ২০ জুন,১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল ৷ সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে। জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। ১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে। ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়। সংগীত, কথাছবি, নাটক, চিত্ৰকলা বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত। তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ। ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।
AMAR BISHNUPRASAD RABHA আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা : ৰজত চন্দ্ৰ ভৰালী (STUDENTS’ STORE)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Bishnu Prasad Rabha বিষ্ণুপ্ৰসাদ ৰাভা, Students Store
আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা : ৰজত চন্দ্ৰ ভৰালী
AMAR BISHNUPRASAD RABHA
AUTHOR: RAJAT CHANDRA BHARALI
LANGUAGE: ASSAMESE
PUBLISHER: STUDENT's STORE
RS: 60
Bishnu Prasad Rabhar Geet Aru Swaralipi বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু স্বৰলিপি সংকলক : ৰাজীৱ মহন্ত (BANALATA)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Banalata Publication, Bishnu Prasad Rabha বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু স্বৰলিপি সংকলক : ৰাজীৱ মহন্ত Bishnu Prasad Rabhar Geet Aru Swaralipi Author: Rajib Mahanta Language: Assamese Publisher: Banalata Rs: 70
BISHNU RABHA ETIA KIMAN RATI বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি : তিলক দাস (CHANDRA PRAKASH)
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Bishnu Prasad Rabha বিষ্ণুপ্ৰসাদ ৰাভা, Chandra Prakash
বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি : তিলক দাস
BISHNU RABHA ETIA KIMAN RATI
AUTHOR: TILAK DAS
LANGUAGE: ASSAMESE
PUBLISHER: CHANDRA PRAKASH
RS: 140
BISHNUPRASAD RAVA RACHANA SAMBHAR PART: I+II (JYOTI PRAKASHAN)
BOOK NAME: BISHNUPRASAD RAVA RACHANA SAMBHAR PART-I+II EDITED BY : PROF. JOGESH DAS & DR. SARBESWAR BORA PUBLISHED BY : DR. SARBESWAR BORA PUBLICATION : RAVA RACHANAWALI PRAKASHAN SANGHA, TEZPUR DISTRIBUTED BY : JYOTI PRAKASHAN LANGUAGE: ASSAMESE Regular Price Rs. 600+600= 1200 Sale Price Rs. 1140 3RD PRINT: AUGUST, 2019