No products in the cart.
Return To ShopNo products in the cart.
Return To Shopবেণুধৰ শৰ্মা (হিন্দী: बेणुधर शर्मा, ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি । ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক,বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল । ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল । তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক ইতিহাস ৰত্ন, বুৰঞ্জীৰ যাদুকৰ আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেনুধৰ শৰ্মাক বুৰঞ্জী সূৰ্য আখা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।
© scientiabooks.in an online Book Store in Guwahati.