যোগেশ দাস (ইংৰাজী: Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত । তেখেতে ১৯৮০ চনত "পৃথিৱীৰ অসুখ" গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল । শিক্ষা আৰু চাকৰি : যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে । তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে । লেখক জীৱন : যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিছাপে আত্মপ্ৰকাশ কৰে । চুটি গল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায় । ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায় । ১১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস "ডাৱৰ আৰু নাই"এ তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে । এই গন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনুদিত হৈছে । তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন "পৃথিৱীৰ অসুখ" । তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমৰ লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায় ।
Daiba Chandra Talukdar Upanyas Sahitya
Daiba Chandra Talukdar Upanyas Sahitya Edited by Jogesh Das Published by Dilip Kumar Dutta, secretary , Publication Board Assam Rs. 650
650.00 Read more