মফিজুদ্দিন আহমদ হাজৰিকা (৩০/৮/১৮৭০ - ২৯/১০/১৯৫৮) বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। বিখ্যাত কবিতা পুথি 'জ্ঞান মালিনী'ৰ ৰচক। ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত বহা "ছাত্ৰ সভা"ৰ সভাপতিত্ব কৰিছিল। অসম চৰকাৰৰ পৰা তেখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল। কৰ্মজীৱন : ১৮৯৩ মফিজুদ্দিন আহমদ হাজৰিকাই উত্তৰ লক্ষীমপুৰত ফৰেষ্টাৰ হিচাপে কৰ্মত নিয়োজিত হয়। তিনিবছৰ এই কাম কৰাৰ পাছত ১৮৯৬ চনত লক্ষ্মীপুৰ কাছাৰীত আমোলা হিচাপে যোগদান কৰে। ১৯০২ চনত ডিব্ৰুগড় কাছাৰীলৈ বদলি হয়। অৱসৰৰ সময়লৈ তেওঁ চিভিল পেস্কাৰ পদবী পাইছিল। ১৯২৬ চনত অৱসৰ লয়। সাহিত্যিক জীৱন : ১৮৯৬ চনত এখেতৰ বিখ্যাত কবিতা পুথি জ্ঞান মালিনী প্ৰকাশিত হয়। আন এখনি কবিতা পুথি তত্ব পাৰিজাত। এই কবিতা পুথিখনৰ মাত্ৰ চাৰিটা কবিতাহে পোৱা যায় । ১৯০৪ চনৰপৰা ১৯৩৪ চনলৈ সুদীৰ্ঘ ৩০ বছৰ কাল ধৰি মফিজুদ্দিন আহমদ হাজৰিকা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল। ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল। এখেতে সাহিত্যিক পেন্সন লাভ কৰিছিল ।
PRAGYA SINDHU KABI MAFIZUDDIN প্ৰজ্ঞা-সিন্দু কবি মফিজুদ্দিন সম্পাদনা : আনিছ উজ্ জামান মাৰিয়া শিক্ষা ন্যাস
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Mafizuddin Ahmed Hazarika মফিজুদ্দিন আহমদ হাজৰিকা, Other Publications
প্ৰজ্ঞা-সিন্দু কবি মফিজুদ্দিন
সম্পাদনা : আনিছ উজ্ জামান
মাৰিয়া শিক্ষা ন্যাস PRAGYA SINDHU KABI MAFIZUDDIN
Published by Nellie Ahmed Tanweer of Maria Siksha Nyas.
LANGUAGE: ASSAMESE
RS: 270