চন্দ্ৰপ্ৰসাদ শইকীয়া (১৯২৭-২০০৬) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ আৰু ঔপন্যাসিক আছিল। ছাত্ৰাৱস্থাতে তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দি কাৰাৰূদ্ধ হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ত এম.এ. শইকীয়াই সাংবাদিকতাক বৃত্তি হিছাপে গ্ৰহণ কৰি কৰ্মজীৱনৰ পাতনি মেলে। এখন অসমীয়া তিনিদিনীয়া আৰু এখন দৈনিক কাকতৰ প্ৰতিষ্ঠাপক-সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ সচিব হিছাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰে। "মহাৰথী" উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰে আৰু ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে। অসমীয়া সাহিত্যৰ ধাৰাবাহিক প্ৰবাহ ৰক্ষা কৰি চন্দ্ৰপ্ৰসাদ শইকীয়াই "অসমীয়া", "প্ৰকাশ" আৰু "গৰীয়ষী" কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায় । তেখেতে ১৯৯৯ আৰু ২০০০ চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল ।
Chandraprasad Saikia Rasanawali Volume – 1 চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী ( প্ৰথম খণ্ড ) সম্পাদনা : হৃদয়ানন্দ গগৈ প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী ( প্ৰথম খণ্ড )
সম্পাদনা : হৃদয়ানন্দ গগৈ
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2012
Regular Price Rs. 550 Sale Price Rs. 495
Chandraprasad Saikia Rasanawali Volume – 2 চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী ( দ্বিতীয় খণ্ড ) সম্পাদনা : হৃদয়ানন্দ গগৈ প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
চন্দ্ৰপ্ৰসাদ শইকীয়া ৰচনাৱলী ( দ্বিতীয় খণ্ড )
সম্পাদনা : হৃদয়ানন্দ গগৈ
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : 2014
Regular Price Rs. 900 Sale Price Rs. 810