কৃষ্ণকান্ত সন্দিকৈ (ইংৰাজী: Krishna Kanta Handique) (১৮৯৮-১৯৮২) অসমৰ এজন লেখক, সংস্কৃত পণ্ডিত আৰু শিক্ষাবিদ। সংস্কৃত আৰু ভাষাতত্ত্বৰ ক্ষেত্ৰত তেখতে পাণ্ডিত্যৰ পৰিচয় দিছিল৷ শ্ৰীহৰ্ষৰ 'নৈষধ চৰিত', সোমদেৱৰ 'যশস্তিলক' আদি গ্ৰন্থৰ অনুবাদৰ জৰিয়তে তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত চিনাকি লাভ কৰে। ন বছৰ ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ভূমিকা পালন কৰা সন্দিকৈ মাত্ৰ ৩৯ বছৰ বয়সত ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনৰ সভাপতিও নিৰ্বাচিত হৈছিল। ইংৰাজী ১৯৩৭ চনত ডিচেম্বৰ মাহত গুৱাহাটীত অসম সাহিত্য সভাৰ সপ্তদশ অধিবেশন অনুষ্ঠিত হয় ৷ এই অধিবেশনত সভাপতিত্ব কৰিবলৈ কৃষ্ণকান্ত সন্দিকৈক নিৰ্বাচিত কৰা হয়। ইংৰাজী ১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছেৰেকীয়া অধিবেশন অনুষ্ঠিত হয়৷ সন্দিকৈয়ে এই দুয়োখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে৷ ইংৰাজী ১৯২১ চনত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনতো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল৷ সন্দিকৈক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি লিট সন্মান যাচিছিল । ১৯৭৮ চনত অসম সাহিত্য সভাই সদস্য মহীয়ান সন্মানেৰে বিভূষিত কৰা সন্দিকৈয়ে তেখেতৰ ৰচনাসম্ভাৰ (১৯৮৪)ৰ বাবে মৰণোত্তৰভাৱে ১৯৮৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। অসমৰ বৌদ্ধিক তথা সাংস্কৃতিক জগতৰ কেন্দ্ৰপীঠ স্বৰূপ অসম সাহিত্য সভা ই তেখেতক 'সদস্য মহীয়ান' ৰূপে অভিহিত কৰিছে আৰু অসমৰ গুৱাহাটী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়-এ তেখেতক সন্মানীয় ডি-লিট উপাধিৰে বিভূষিত কৰিছে ৷
Krishnakanta Handiqui (I & II) কৃষ্ণকান্ত সন্দিকৈ (প্ৰথম খণ্ড+দ্বিতীয় খণ্ড) অহল্যা গগৈ প্ৰকাশক : কথা পাব্লিকেশ্বন
কৃষ্ণকান্ত সন্দিকৈ
অহল্যা গগৈ
অহল্যা গগৈৰ কৃষ্ণকান্ত সন্দিকৈ বিষয়ক গ্ৰন্থমেলাৰ প্ৰথমটো আৰু দ্বিতীয়টো একত্ৰ সংকলন।
দুটা খণ্ডত প্ৰকাশিত কৃষ্ণকান্ত সন্দিকৈ বিষয়ক অহল্যা গগৈৰ চাৰিখন গ্ৰন্থৰ সংকলন
।। কৃষ্ণকান্ত সন্দিকৈ : প্ৰথম খণ্ড ।।
কৃষ্ণকান্ত সন্দিকৈ আৰু নৈষধচৰিতৰ জিলিঙনি, ১৯৯৮
কৃষ্ণকান্ত সন্দিকৈ আৰু যশস্তিলকৰ ৰেঙণি, ১৯৯৯।। কৃষ্ণকান্ত সন্দিকৈ : দ্বিতীয় খণ্ড ।।
প্ৰৱৰসেনৰ সেতুবন্ধ : অনুবাদ আৰু চমু পৰিচয়, ২০০০
প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, ২০০৩Regular Price Rs. 1200 Sale Price Rs. 1020 (প্ৰথম খণ্ড+দ্বিতীয় খণ্ড)
Krishnakanta Handiqui Aru Anyanya Rachana কৃষ্ণকান্ত সন্দিকৈ আৰু অন্যান্য ৰচনা অহল্যা গগৈ ৰচনা সম্ভাৰ প্ৰকাশক : কথা পাব্লিকেশ্বন
কৃষ্ণকান্ত সন্দিকৈ আৰু অন্যান্য ৰচনা
অহল্যা গগৈ ৰচনা সম্ভাৰ
কৃষ্ণকান্ত সন্দিকৈ বিষয়ক ৰচনাসমূহ সামৰি অহল্যা গগৈৰ অন্যান্য ৰচনাৰ একত্ৰ সংকলন
প্ৰকাশক : কথা পাব্লিকেশ্বন
প্ৰথম প্ৰকাশ : 2019
Regular Price Rs. 1500 Sale Price Rs. 1275
Prachyavidyarnava Krishnakanta Handique প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ সম্পাদনা : শূল শৰ্মা প্ৰকাশক : লয়াৰ্ছ
প্ৰাচ্যবিদ্যাৰ্ণৱ
কৃষ্ণকান্ত সন্দিকৈ
সম্পাদনা : শূল শৰ্মা
প্ৰকাশক : লয়াৰ্ছ
প্ৰথম প্ৰকাশ : 2010
Regular Price Rs. 110 Sale Price Rs. 99