No products in the cart.
Return To ShopNo products in the cart.
Return To Shopনলিনীবালা দেৱী (ইংৰাজী: Nalinibala Devi) (জন্ম: ২৩ মাৰ্চ, ১৮৯৮ - মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত৷ ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস৷ কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য ৷ জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্বা৷ অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য৷ ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়৷
© scientiabooks.in an online Book Store in Guwahati.