ত্ৰৈলোক্য নাথ গোস্বামী (ইংৰাজী: Trailokya Nath Goswami) (জন্ম ১৯০৬ - মৃত্যু ১৯৮৮ চন) একেধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত “আধুনিক গল্প সাহিত্য” নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । প্ৰথমে "অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ"ত কাৰ্যাধ্যক্ষৰ হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পাছলৈ নলবাৰীৰ গৰ্ডন হাইস্কুলত সহকাৰী শিক্ষক হিচাপে সোমায়। কিছুদিন কলিকতাৰ “অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছ”ত কাৰ্যাধ্যক্ষৰ সহায়কাৰীৰূপে কাম কৰাৰ পাছত নলবাৰী গৰ্ডন স্কুলত শিক্ষক হিচাপে যোগদান কৰি শিক্ষক জীৱনৰ পাতনি মেলে। তাৰপাছত উত্তৰ গুৱাহাটীৰ কমলেদেৱ ইনষ্টিটিউটত প্ৰধান শিক্ষকৰূপে আৰু যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে, মাজতে কটন কলেজ আৰু শ্ৰষট্টৰ মুৰাৰীচাঁদ কলেজতো অধ্যাপনা কৰে। তেওঁ ধুবুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল। ১৯৪৫ চনত নলবাৰী মহাবিদ্যালয় প্ৰতিষ্ঠা হোৱাত, উক্ত মহাবিদ্যালয় ৰ অধ্যক্ষৰূপে তেঁও যোগদান কৰে আৰু একেৰাহে ২৩ বছৰ নলবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি ১৯৬৮ চনৰ ১ অক্টোবৰৰ পৰা অৱসৰ গ্ৰহণ কৰে। গোস্বামীদেৱ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বাধীন সমাজবাদী দলৰ এগৰাকী ৰাজনৈতিক কৰ্মীও আছিল। তেওঁ ১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত পূৱ নলবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অসম বিধান সভালৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল। তাৰ পাছৰপৰাই সক্ৰিয় ৰাজনীতি ত্যাগ কৰে। ১৯৬০ আৰু ১৯৬১ চনত ক্ৰমে পলাশবাৰীআৰু গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰে ।
Adhunik Asamiya Galpasangraha আধুনিক অসমীয়া গল্প-সংগ্ৰহ : সংকলন আৰু সম্পাদনা : ত্ৰৈলোক্যনাথ গোস্বামী
Assamese Book Publications অসমীয়া কিতাপ প্ৰকাশন, Other Publications, Trailokya Nath Goswami ত্ৰৈলোক্য নাথ গোস্বামী
আধুনিক অসমীয়া গল্প-সংগ্ৰহ : সংকলন আৰু সম্পাদনা : ত্ৰৈলোক্যনাথ গোস্বামী
Adhunik Asamiya Galpasangraha
Edited by Trailokyanath Goswami Publication: Sahitya Akademi
LANGUAGE: ASSAMESE
RS: 95
95.00 Read more
TROILOKYANATH GOSWAMI RASANAWALI VOLUME : 1 ত্ৰৈলোক্যনাথ গোস্বামী ৰচনাৱলী প্ৰথম খণ্ড সম্পাদক : উপেন্দ্ৰনাথ শৰ্মা প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
ত্ৰৈলোক্যনাথ গোস্বামী ৰচনাৱলী প্ৰথম খণ্ড
সম্পাদক : উপেন্দ্ৰনাথ শৰ্মা
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : জুন ২০১২
Regular Price Rs. 900 Sale Price Rs. 747
TROILOKYANATH GOSWAMI RASANAWALI, VOLUME : 2 ত্ৰৈলোক্যনাথ গোস্বামী ৰচনাৱলী দ্বিতীয় খণ্ড সম্পাদক : উপেন্দ্ৰনাথ শৰ্মা প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
ত্ৰৈলোক্যনাথ গোস্বামী ৰচনাৱলী দ্বিতীয় খণ্ড
সম্পাদক : উপেন্দ্ৰনাথ শৰ্মা
প্ৰকাশক : অসম প্ৰকাশন পৰিষদ
প্ৰথম প্ৰকাশ : জুন ২০১২
Regular Price Rs. 750 Sale Price Rs. 622