No products in the cart.
Return To ShopNo products in the cart.
Return To Shop"নলিনীধৰ ভট্টাচাৰ্য" (ইংৰাজী: Nalinidhar Bhattacharya; ১৯২১ - ) অসমৰ এগৰাকী আগশাৰীৰ কবি, প্ৰৱন্ধকাৰ,সমালোচক, তথা অনুবাদক। জ্ঞানপীঠ বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ভাতৃ নলিনীধৰ ভট্টাচাৰ্যই ৰামধেনুৰ পাতত অনুবাদক হিচাপে নিজৰ সাহিত্য জীৱন আৰম্ভ কৰে। "ননী আছনে ঘৰত" নামৰ কবিতাটি ভট্টাচাৰ্য দেৱৰ অনন্য কৃতি বুলি ধৰা হয়। তেখেতে ১৯৮২ চনত অসম সাহিত্য সভাৰ ডিফু অধিবেশনৰ কবি সন্মীলনৰ সভাপতিত্ব কৰিছিল । শিক্ষা জীৱন : ১৯৪০ চনত কাকজান উচ্চ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰাহাট জে. বি. কলেজৰ পৰা আই এ পাছ কৰে। তাৰ পাছত ব্যক্তিগত পৰীক্ষাৰ্থী হিচাপে তেও স্নাতক আৰু তাৰ পাছত স্নাতকোত্তৰ ডিগ্ৰী ( অসমীয়াত)ও লাভ কৰে। কৰ্ম জীৱন : আই এ পৰীক্ষাত উত্তীৰ্ণ হৈয়েই তেখেতে কাকজান উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰে। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত ভট্টাচাৰ্য দেৱে শ্বিলঙৰ চেণ্ট এন্থনীজ কলেজত অসমীয়াৰ প্ৰৱক্তা হিচাপে প্ৰায় তিনি বছৰ কাৰ্য নিৰ্বাহ কৰে। ১৯৬০ চনত তেখেতে গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজত যোগদান কৰে আৰু ১৯৮৩ চনলৈকে তাতে কৰ্মৰত হয়। সাহিত্য কৃতি : ১৯৭৯ চনত তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ " এই কুৱলীতে" প্ৰকাশ পায়। কাব্যৰ লগতে অনুবাদ আৰু সমালোচনাৰেও ভট্টাচাৰ্যই অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি গৈছে ।
© scientiabooks.in an online Book Store in Guwahati.