No products in the cart.
Return To ShopNo products in the cart.
Return To Shopসৌৰভ কুমাৰ চলিহা (ইংৰাজী: Saurabh Kumar Chaliha) অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম।
আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি।
চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিছাপে আত্মপ্ৰকাশ কৰে।
ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ন নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে ।
নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান ।
চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।
© scientiabooks.in an online Book Store in Guwahati, Assam India.