হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এগৰাকী কবি, চুটি গল্প লিখক আৰু কবিতাৰ সমালোচক। ছাত্ৰাৱস্থাৰপৰাই কবিতা আৰু গল্প লিখাত মনোনিবেশ কৰা ডেকাই ৰামধেনু যুগতে নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছিল। ভাৰতীয় পুলিচ সেৱাৰ বিষয়া হৰেকৃষ্ণ ডেকাই অসম পুলিছৰ মহাপ্ৰধান (DGP) হিচাপে অৱসৰ গ্ৰহন কৰিছিল। সাহিত্য বিষয়ক আলোচনী 'গৰীয়সী' আৰু দৈনিক কাকত 'The Sentinel'ৰ সম্পাদকৰ দায়িত্বও বহন কৰিছিল। বৰ্তমানেও সাহিত্য জগতৰ লগত জড়িত হৈ আছে। কৰ্মজীৱন ১৯৬৫ চনৰ মাজভাগৰপৰা ১৯৬৮ চনলৈ গুৱাহাটীৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৬৮ চনত 'ভাৰতীয় পুলিছ সেৱা'ৰ অসম-মেঘালয় কেডাৰত যোগ দিয়ে। পুলিছ সেৱাৰ পৰা অসম পুলিছৰ মহাপ্ৰধান হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহন কৰে। ২০০৮ চনৰ ডিচেম্বৰ মাহৰপৰা ২০১০ চনৰ নৱেম্বৰ মাহলৈ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা সমিতিৰ (National Security Advisory Board) সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰে।। চাকৰিৰপৰা অৱসৰৰ পাছত ডেকাই 'The Sentinel' কাকতৰ সম্পাদক ৰূপে কম সময়ৰ বাবে যোগ দি পাছলৈ সাহিত্য আলোচনী 'গৰীয়সী'ৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহন কৰে। স্বীকৃতি আৰু সন্মান ১৯৮৭ -- সাহিত্য একাডেমি বঁটা, (আন এজন কবিতা পুথিৰ বাবে) ১৯৯৬ - কথা পুৰস্কাৰ, বন্দীয়াৰ গল্প সংকলনৰ বাবে ২০১০ - অসম উপত্যকা সাহিত্য বঁটা
Adhunikatabad Aru Annyanya Prabandha আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ : হৰেকৃষ্ণ ডেকা (AANK-BAAK)
Adhunikatabad Aru Annyanya Prabandha আধুনিকতাবাদ আৰু অন্যান্য প্ৰবন্ধ
হৰেকৃষ্ণ ডেকা
Written by Harekrishna Deka
Published by Saumitra Jogee
LANGUAGE:ASSAMESE
Publication:Aank-Baak
RS. 220
SARBABHOUMATTA, SANTRASBAD ARU NAGARIK SAMAJ BY : HAREKRISHNA DEKA (AANK-BAAK)
BOOK NAME: SARBABHOUMATTA, SANTRASBAD ARU NAGARIK SAMAJWRITTEN BY : HAREKRISHNA DEKAPUBLISHED BY : GANESH CHANDRA NATHPUBLICATION : AANK-BAAKLANGUAGE: ASSAMESERS. 1101ST EDITION : 2010ISBN: 978-93-80454-27-6