“ৰিছাই চুমলেনৰ আগত মেলি ধৰিলে তাই অংকন কৰা এখন AI জেনেৰেটেড ছবি। সেউজীয়াই আৱৰা মণিপুৰৰ এখনি অনিন্দ্যসুন্দৰ চিত্ৰ; য’ত পাহাৰে উপত্যকালৈ হাত বঢ়াইছে। ইটো ভাগে আনটো ভাগক বুকুৰ মাজত আঁকোৱালি লৈছে। ৰঙা পাহাৰ আৰু সেউজীয়া পথাৰ এটা বিন্দুত মিলি পৰিছে। তাই হেঁপাহৰ ছবিখনৰ নাম দিছে — ‘থাজবগী মঙলান’! এখনি আশা যোগোৱা ছবি। ”
পুৰণি আৰু নতুনত্বৰ সংঘাত, আৱেগ আৰু যুক্তিৰ দ্বন্দ্ব তথা সামাজিক, ৰাজনৈতিক বিষয়বস্তুৰ অগতানুগতিক উপস্থাপনেৰে ববিতা কলিতাৰ এটি মননশীল গল্প সংকলন– ‘থাজবগী মঙলান’। গল্পসমূহৰ বিষয়ে টুনুজ্যোতি গগৈয়ে কৈছে–
“… তেওঁৰ গল্পৰ মাজেৰে সমকালীন সমাজৰ সৰ্বস্তৰৰ মানুহৰ জীৱন সংগ্ৰাম, উত্তৰ পূৰ্বাঞ্চালৰ জনজাতীয় জীৱনচৰ্যা, নৃগোষ্ঠীয় সংঘাতৰ আঁৰৰ কুটিল ৰাজনীতি, সামন্তযুগীয় নাৰীৰ সামাজিক অৱস্থান আদিক যথাযথভাৱে তুলি ধৰাৰ লগতে পাঠকক এক নতুন বাৰ্তা দিবলৈ সক্ষম হৈছে।”
মেদহীন; অথচ গভীৰ অৰ্থৱহ ভাষাৰ ব্যৱহাৰ আৰু যথাযথ ৰূপত নিৰ্মিত পৰিৱেশ আৰু চৰিত্ৰই গল্পসমূহক সমৃদ্ধ কৰিছে। তাৰ লগতে অনুঘটক হিচাপে ক্ৰিয়া কৰিছে গল্পকাৰৰ সুগভীৰ জীৱনবোধ আৰু জগতৰ প্ৰতি সূক্ষ্ম অন্তৰ্দৃষ্টিয়ে; অথবা মানুহ আৰু প্ৰকৃতিৰ প্ৰতি পুহি ৰখা পাৰস্পৰিক একাত্মবোধে। এনে এক একাত্ম মনোভাবেৰেই ‘শালভঞ্জিকা’ গল্পত এজন পুৰুষক শালগছৰ সৈতে ৰিজোৱা হৈছে এনেদৰে–
“… ‘প্ৰকৃতিৰ সৈতে সম্পৰ্ক ঘটে পুৰুষৰ। সেই পুৰুষ তোমাৰ দৰে নহয়।’
‘তেন্তে কিহৰ দৰে?’ ‌জানিব বিচাৰে স্বৰ্ণলতিকাই।
‘দৃঢ়, বলিষ্ঠ… ঠিক তোমাৰ খিৰিকীমুখৰ শাল গছজোপাৰ দৰে।’ স্বৰ্ণলতিকাৰ গাটো জিকাৰ খাই উঠে। পুৰুষ তাইৰ সন্মুখত থকা শাল গছজোুাৰ দৰে!
দৃঢ়, স্থিৰ, অবিচল, সহিষ্ণু। “(পৃষ্ঠা ২১)
অতি-আধুনিক জীৱন-যাত্ৰাৰ পৰা পৌৰাণিক পটভূমিত কল্পিত এখন সমাজলৈকে; গুলী-বাৰুদেৰে মুক্তিৰ সপোন দেখা হিংস্ৰ সংঘৰ্ষৰ পৰা কুকি-মেইটেইৰ সাম্প্ৰতিক সংঘাতলৈকে প্ৰেম, মানৱতা, যুদ্ধ আৰু ঘৃণাৰ অলেখ কাহিনীৰ সমাহাৰ ‘থাজবগী মঙলান’; য’ত উত্থাপিত হৈছে মন আৰু মগজুক তীক্ষ্ণভাৱে টোকৰ দিব পৰাকৈ কেতবোৰ গুৰুতৰ প্ৰসংগ–
” ঘৃণাই যদি বুজিলেহেঁতেন প্ৰেমৰ ভাষা ভাষা? দানৱে জানো বুজিলেহেঁতেন মানৱতাৰ কথা! মৃতকৰ দমত উৰুৱায় যি ক্ষমতাৰ পতাকা, বুজিলেহেঁতেন জানো সি ধৰ্মনীতিৰ কথা। জাকৰ মাজত থাকিলেই সংখ্যাগুৰু হৈ পৰা মানুহবোৰে বুজিলেহেঁতেন জানো সংখ্যালঘুৰ শংকা! “(পৃষ্ঠা ১০১)
গতিকে, গল্পবোৰ কেৱল চৰিত্ৰবিশেষে ধাৰণ বা বহন কৰা একোটা কাহিনী মাত্ৰ নহয়; এয়া গল্পকাৰৰো স্বগতোক্তি অথবা পাঠকলৈ নিক্ষেপিত কিছুমান জটিল আৰু অন্তৰ্ভেদী প্ৰশ্ন।
থাজবগী মঙলান
ববিতা কলিতা
পূৰ্বায়ণ প্ৰকাশন
দাম ১৭০ টকা

THAJBEGI MONGLAN – SHORT...

Original price was: ₹ 170.00.Current price is: ₹ 136.00.

In stock

or
error: Content is protected !!