“… কোনোবা এটা ৰে’ল ষ্টেচনত ভৰি থৈছিল গৌড়ে।… অলপ দূৰৈৰ ফলকখনত লিখা আছিল ‘গোলোকগঞ্জ জংচন’, আসাম।… নতুন ঠাইখনৰ জীৱনে তেওঁক দিছিল সাহস আৰু নিৰাপত্তাৰ আশ্বাস। অসম আৰু অসমীয়াই তেওঁক আঁকোৱালি লৈছিল। শ্ৰদ্ধাত নতশিৰ তেওঁ অসমৰ প্ৰতি।… কিন্তু এতিয়াও ‘পাবনা’ক পাহৰিব পৰা নাই। (পৃষ্ঠা ৪৭)
স্বৰাজোত্তৰ ভাৰতৰ এছোৱা বিভীষিকাময় সময় অথবা ধৰ্মৰ নামত বিভাজিত দেশখনত সংঘটিত নৃশংসতা আৰু আতংকৰ দৰে স্পৰ্শকাতৰ ঐতিহাসিক বিষয়ৰ পৰা আমাৰ পৰিপাৰ্শ্বৰ তেনেই সাধাৰণ ঘটনালৈকে সামৰি এটি মেটমৰা গল্প সংকলন পাপৰি গোস্বামীৰ ‘মাজত তৃষাৰ নৈ’। গল্পকাৰগৰাকীৰ বিষয়ে কোৱা হৈছে–
“কোনো দাৰ্শনিক তত্ত্ব কিম্বা সাহিত্যৰ কৌশলগত তত্ত্বৰ আধাৰত তেওঁ গল্প নিলিখে। বৰং চৌপাশৰ সমাজখনৰ সাধাৰণ মানুহৰ সাধাৰণ জীৱন পৰিক্ৰমাৰ মাজতে তেওঁ নিজৰ অন্তৰাত্মাক কঁপাই যোৱা অভিজ্ঞতা আহৰণ কৰে আৰু সেইবোৰকে গল্প ৰূপ দিবলৈ যত্ন কৰে। সেয়ে তেওঁৰ গল্পত অভিজাত সমাজৰ অহমিকাজাত কৃত্ৰিম দ্বন্দ্ব যেনেদৰে প্ৰকাশ পাইছে, তেনেকৈয়ে প্ৰকাশ পাইছে খাটিখোৱা শ্ৰমিকৰ জীৱনৰ সৰলতা আৰু নিকৰুণ সত্যও।”
—ড০ মৃদুল শৰ্মা
গভীৰ অন্তৰ্দৃষ্টিৰে মানুহ আৰু জীৱনক কৰা পৰ্যবেক্ষণ গল্পসমূহৰ মূল উপকৰণ। আধুনিক জীৱনৰ সাৰশূন্যতাক তুলি ধৰাৰ লগতে চৰিত্ৰ কিছুমান প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি প্ৰশ্ন আৰু প্ৰতিবাদেৰেও মুখৰ। বয়স্ক ব্ৰাহ্মণ শিক্ষক নিৰ্মল বৰুৱাই তথাকথিত নিম্ন জাতৰ বদনামী (?) বিধৱা নীলিমাক নিজৰ কৰি ল’বলৈ সাহস বান্ধিছে; সমাজৰ পুৰণিকলীয়া ৰীতিৰ বিপৰীতে দৃঢ়়তাৰে থিয় দিবলৈ নিজকে প্ৰস্তুত কৰি তুলিছে–
“নিৰ্মল মাষ্টৰ সঁচাকৈয়ে পুনৰ প্ৰেমত পৰিল। তেওঁ ঠিক কৰিলে যে, এইবাৰ তেওঁ অলপ সাহস কৰিবই লাগিব, নিজৰ কাৰণে, নীলিমাৰ জীৱনটোৰ কাৰণে আৰু নীলিমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে। ”
এয়া কেৱল অন্ধকাৰত পোত খাই থকা সমাজ এখনলৈ পোহৰৰ বাৰ্তাই নহয়; এয়া হৈছে জাত-পাত, বয়স, বৈধ-অবৈধৰ বেহু নেওচি প্ৰেমৰো এক সাৰ্থক জয়গান। লক্ষ্যণীয়ভাৱে, সংকলনটিৰ প্ৰায়কেইটা গল্পতে প্ৰেমৰ মহত্বম স্বৰূপ এটি পৰিস্ফুট হোৱা দেখা যায়। এই প্ৰসংগত টুনুজ্যোতি গগৈৰ এটি মন্তব্য প্ৰণিধানযোগ্য–
“গোস্বামীৰ কেইবাটিও গল্পত প্ৰেমৰ একোখন নজহা-নপমা সুন্দৰ ছবি উজলি উঠিছে। কোনোবাই হয়তো প্ৰেমাস্পদৰ বাবে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু হৈছে, কোনোবাই হয়তো বৈধ-অবৈধৰ সীমাৰেখা মচি জীৱন জগোৱা প্ৰেমৰ সন্ধান কৰিছে।”
বিষয়বস্তুৰ আকৰ্ষণীয়তাৰ উপৰি ধুবুৰী অঞ্চলৰ উপভাষা, লোককথা, লোকগীত, ইতিহাস আদিৰ মনোমোহা উপস্থাপন আৰু চিত্ৰায়ণ ‘মাজত তৃষাৰ নৈ’ৰ অন্যতম বিশেষত্ব; যিয়ে গল্পপুথিখনক স্বকীয়তা প্ৰদান কৰিবলৈ সক্ষম হৈছে।
MAJOT TRIKHAR NOI – SHOR...

Original price was: ₹ 200.00.Current price is: ₹ 160.00.

In stock

or
error: Content is protected !!