“অহৰহ গছ হোৱাৰ বাসনা কঢ়িয়াই ফুৰা মানুহবোৰেও পাহৰি যায় যে আনক ছাঁ দিব পৰা বৰগছজোপাৰ ওপৰতো থাকে আকাশৰ চামিয়ানা। মানুহ আচলতে পৰজীৱী। বৰগছ হোৱাৰ দম্ভ কঢ়িয়াই ফুৰিলেও মানুহৰ মনত এন্ধাৰতো খেপিয়ালে পোৱাকৈ হাত এখনৰ বাসনা এটিয়ে নিতাল মাৰি থাকে‌! “(পৃষ্ঠা ৬৮)
তৃপ্তি বৰাৰ ‘ক্ৰাইছেলিছ’ৰ পোন্ধৰটা গল্পই জীৱন-মননৰ বহুৰঙী চিত্ৰণ; উপলব্ধিৰ এখন সুগভীৰ সাগৰত কৰা অৱগাহন ।
ভ্ৰম আৰু সপোনৰ দুনীয়াত তৃপ্ত হৈ থকা মানুহেও জীৱনৰ কোনোবা এটা বিন্দুত উপনীত হৈ. নিজক বৰ নিৰ্দয়ভাৱে উন্মোচন কৰে; বা কৰিবলৈ বাধ্য হয়। আৰু তেতিয়াই অংকিতে কোৱাৰ দৰে অনুভৱ কৰে —
“উৰিব পাৰিলেও পখিলা আৰু চৰাইৰ উৰণ ক্ষমতাৰ মাজত পাৰ্থক্য আছে। ” (পৃষ্ঠা ৭০)
দুৰ্দান্ত শক্তিশালী হৈও কোনোবাখিনিত মানুহ বৰ অসহায়। প্ৰেমেৰে পৰিপূৰ্ণ হৈও কোনোবাখিনিত মানুহে বুজি পায়-ভালপোৱা মানে আচলতে শূন্যতা। অথচ সেই শূন্যতা পূৰণৰ বাবেই প্ৰান্তিকৰ বৃদ্ধ দেউতাকে পঁয়ষষ্ঠী বছৰীয়া মাধুৰী বৰুৱাৰ সৈতে জীৱনৰ নতুন ঠিকনা বিচাৰে; জীৱনৰ অপৰাহ্নতো জীৱনৰ বাবে নতুন আয়োজন কৰে।
নাম-যশৰ ৰাগী প্ৰেমৰ চোকতকৈও বেছি বুলি অনুভৱ কৰা স্বৰ্ণলতাই বাষষ্ঠী বছৰ বয়সতো হৃদয়ত কঢ়িয়াই লৈ ফুৰিছে ৰত্নকান্ত নামৰ এক মাৰ নোযোৱা ঢপঢপনি। নীৰাৰ বুকুতো ক’ম ক’ম বুলিও নোকোৱাকৈয়ে ৰৈ যোৱা প্ৰগাঢ় ভালপোৱা।
এনেকৈয়ে জীৱন; য’ত থাকে প্ৰাপ্তিৰ আকাংক্ষা, হেৰুওৱাৰ ভয় অথবা অজস্ৰ অব্যক্ত কথাৰ হাহাকাৰ! ‘ক্ৰাইছেলিছ’ৰ গল্পই ইয়াকে কৈছে যে, জীৱনক অংক হিচাপে ল’লে উত্তৰত কেতিয়াবা আউল লাগে; জটিলতা বাঢ়ে। অথচ তাৰ পাছতো মানুহে জীৱন সুন্দৰ বুলিয়েই স্বীকাৰ কৰে। জীৱনৰ আয়ুস আৰু অনিশ্চয়তা সমুখত প্ৰত্যক্ষ কৰিও শুভংকৰে জীৱনৰ সুন্দৰতাৰ কথাই কৈছে এনেদৰে–
“… বয়সৰ বলিৰেখা পৰাৰ পাছতো আটোমটোকাৰিকৈ নিজকে সজাই পৰাই ৰাখিব জনা বয়স্কাৰ দৰে ধুনীয়া জীৱনটো, হাজাৰ উপেক্ষাৰ পিছতো লহপহিয়াকৈ বাঢ়ি অহা সেউজীয়া গছ এজোপাৰ দৰে ধুনীয়া জীৱনটো, যতনেৰে প্ৰতিপাল কৰা বনছাই এজোপাৰ দৰে ধুনীয়া জীৱনটো! “(পৃষ্ঠা ৯৩)
‘ক্ৰাইছেলিছ’ সম্পৰ্কত বিতোপন বৰবৰাই কৈছে–
… কোনো কোনো গল্পত চিত্তালোড়নকাৰী উদ্ভাৱনশীলতা দেখি অভিভূত হোৱা যায়। পুৰুষ-নাৰীৰ মাজৰ সম্পৰ্ক, প্ৰেম, দৈহিকতা আৰু বিৰহ-বিচ্ছেদ আদি বিষয়ক লৈ তেওঁ ভালেকেইটা মনত সাঁচ পেলাই যোৱা গল্প লিখিছে। ”
ক্ৰাইছেলিছ
তৃপ্তি বৰা
পূৰ্বায়ণ প্ৰকাশন
দাম ২০০ টকা

CHRYSALIS – SHORT STORIE...

Original price was: ₹ 200.00.Current price is: ₹ 160.00.

In stock

or
error: Content is protected !!