“মাৰিশৰ কথা প্ৰায়ে দিব্যাৰ মনত পৰে। সেই শব্দ অৰ্থপূৰ্ণ আছিল। মনে মনে দিব্যাই তাৰ অৰ্থ, তাৰ সুৰ ব্যঞ্জনাৰ কথা ভাবি থাকে। সেই শব্দবিলাকত মাধুৰ্য, গৰ্ব, আশা আৰু স্ফূৰ্তি থাকে, কিন্তু সেই অপবাদৰ পাত্ৰ স্থান ভ্ৰষ্ট সমীপত সংকোচ আৰু আশংকা অনুভৱ হৈছিল। ”
পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে বিজয়া শৰ্মাৰ দ্বাৰা অনূদিত যশপালৰ প্ৰসিদ্ধ ঐতিহাসিক উপন্যাস ‘দিব্যা’ৰ এক মননশীল অসমীয়া অনুবাদ। মূলৰ সৌন্দৰ্য অটুট ৰাখি কাহিনীৰ যথাযথ উপস্থাপনেৰে ‘দিব্যা’ক মৌলিক ৰচনাৰ দৰেই অনুবাদকে পাঠকলৈ আগবঢ়াই দিছে।
হিন্দী সাহিত্য জগতৰ অগ্ৰগণ্য সাহিত্যিক যশপালৰ ‘দিব্যা’ ঐতিহাসিক পটভূমিত ৰচিত যদিও কাল্পনিক কাহিনীৰে নিৰ্মিত এখনি সুখপাঠ্য উপন্যাস। প্ৰাক্ কথনত লেখিকাই কৈছে—
“মাৰ্ক্সবাদী চিন্তাধাৰাৰ লেখক যশপালে ‘দিব্যা’ত পৌৰাণিক ভাৰতৰ মহিলাৰ দুখৰ কাৰণ বিচাৰি ফুৰিছিল। তেওঁৰ মতে ইতিহাস বিশ্বাস নহয়, বিশ্লেষণৰহে বস্তু। দিব্যাত তেওঁ ৰাজপ্ৰাসাদৰ এগৰাকী কুমাৰীৰ জীৱনৰ কাহিনী বৰ্ণনা কৰিছে। বৰ্ণাশ্ৰম ব্যৱস্থাৰ আধাৰত না সামন্তী সমাজে নাৰীৰ সন্মান আৰু সুৰক্ষা দিব পাৰে না বৌদ্ধধৰ্মই, যিয়ে নেকি নাৰীৰ স্বাধীন ব্যক্তিত্বক শংকাৰ চকুৰে চায়। যশপালৰ ‘দিব্যাই সামাজিক স্বৰঞ্চনা আৰু নিজৰ তেজস্বিতাৰে সমাজৰ পৰিৱৰ্তনৰ বাবে অশেষ সংঘৰ্ষ কৰা দেখা যায়। ”
বৌদ্ধধৰ্মকালীন সমাজখনৰ এক জীৱন্ত দলিল ‘দিব্যা’। ক’ব পাৰি যে, সেই সময়ৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক দিশৰ লগতে ব্যক্তি জীৱনৰ বহুতো ঘটনা-পৰিঘটনাৰ সজীৱ চিত্ৰণ ‘দিব্যা’। এনে এখন পঠনীয় উপন্যাসক বৰ যত্ন সহকাৰে তৰ্জমা কৰি বিজয়া শৰ্মাই নিপুণ অনুবাদকৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
অনূদিত সাহিত্য হিচাপে এই উপন্যাসৰ ভাষা আৰু প্ৰকাশভংগী প্ৰাঞ্জল আৰু সাৱলীল। কাহিনী তথা চৰিত্ৰ উপস্থাপনতো কোনো ধৰণৰ জড়তা অনুভৱ নহয়। এই দিশৰ পৰা ‘দিব্যা’ এটি সাৰ্থক অনুবাদ।
অনুবাদক বিজয়া শৰ্মাই কৈছে “… ‘দিব্যা’ অসমীয়ালৈ অনুবাদ কৰি পৌৰাণিক ভাৰতৰ নাৰীৰ সমাজ ব্যৱস্থাৰ কথা জনাব খুজিছোঁ।” তেওঁৰ এই উদ্দেশ্য পূৰামাত্ৰাই সফল হৈছে। আৰু লগতে ক’ব লাগিব যে, যশপালৰ জনপ্ৰিয় উপন্যাসখনিৰ সুন্দৰ অনুবাদটি অসমীয়া অনুবাদ সাহিত্যলৈও এক লেখত ল’বলগীয়া সংযোজন।
দিব্যা (অনুবাদ)
বিজয়া শৰ্মা
পূৰ্বায়ণ প্ৰকাশন

 

দিব্যা
মূল : যশপাল
অনুবাদ : বিজয়া শৰ্মা
DIVYA : A NOVEL
WRITTEN BY : YASHPAL
TRANSLATED BY : BIJAYA SARMA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-25-2
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 171
LANGUAGE : ASSAMESE

DIVYA – A NOVEL WRITTEN ...

Original price was: ₹ 220.00.Current price is: ₹ 187.00.

Out of stock

error: Content is protected !!