‘নাৰ্চিচিজম’ ধাৰণাটোৱে আত্মপ্ৰেমক বুজায়। এই আত্মপ্ৰেম অৱশ্যেই অতিমাত্ৰা আত্মকেন্দ্ৰিকতা আৰু তীব্ৰ স্বাৰ্থপৰতাৰ নামান্তৰ। আৰু সেইবাবেই ইয়াত প্ৰেমৰ সম্ভাৱনা শূন্য– গ্ৰন্থখনৰ আৰম্ভণিতেই এই কথা স্পষ্ট কৰা হৈছে।
স্বপ্না দত্ত ডেকাৰ ‘নাৰ্চিচিজম, য’ত প্ৰেমৰ সম্ভাৱনা নাই’ গ্ৰন্থখন পদ্ধতিগতভাৱে লিখি উলিওৱা নাৰ্চিচিজম বিষয়ক এখন তথ্যসমৃদ্ধ আৰু আলোচনামূলক মনোৰম গ্ৰন্থ; য’ত মূল বিষয়টোকে বিষবাষ্পূৰ্ণ বুলি অভিহিত কৰি সেই সম্পৰ্কে খুটিনাটি মাৰি বহুমাত্ৰিক দৃষ্টিকোণেৰে পৰ্যালোচনা কৰা হৈছে।
নাৰ্চিচিষ্টিক পাৰ্ছনেলিটি ডিজৰ্ডাৰক মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে এক মানসিক বিকাৰ হিচাপে গ্ৰন্থখনত আলোচনা কৰা হৈছে। নাৰ্চিচিষ্টৰ চাৰিত্ৰিক বৈশিষ্ট্য, এনে হোৱাৰ কাৰণ অথবা পৰিৱেশ, তেওঁলোকৰ আচাৰ-আচৰণ আৰু চিকিৎসা কেনে হোৱা দৰকাৰ আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনাৰ আওতালৈ অনা হৈছে। তদুপৰি নাৰ্চিচিষ্টৰ প্ৰকাৰ আৰু নাৰ্চিচিজম ডাইনেমিকচৰ বিভিন্ন দিশো সহজ-সৰল ভাষাৰে চালি-জাৰি দেখুওৱা হৈছে।
গ্ৰন্থখনে কেৱল নাৰ্চিচিজম বা নাৰ্চিচিষ্টৰ কথাই কোৱা নাই; বৰঞ্চ অত্যন্ত গভীৰভাৱে কোৱা হৈছে তেনে চৰিত্ৰৰ মানুহৰ সংগ আৰু সান্নিধ্যৰ তিক্ততাৰ কথা—
“… তেওঁলোকৰ লগত জীৱন হৈ পৰে ধ্বংসৰ এক অসহনীয় বোজা। তেওঁলোক আৰু ভুক্তভোগীসকল উভয়ৰে জীৱন বাহিৰৰ পৰা দেখাত ঠিকেই যেন লাগিব পাৰে। কিন্তু ভিতৰত সকলো ফোঁপোলা, অন্তঃসাৰশূন্য আৰু ভুক্তভোগীসকলৰ বাবে কৰুণ যন্ত্ৰণাময় বিষাদগাথা। ”
এনে যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ অথবা নাৰ্চিচিষ্টৰ সংগ বা ব্যৱহাৰে সৃষ্টি কৰিব পৰা বিষাদগ্ৰস্ততা, উদ্বিগ্নতা আদিৰ পৰা ৰেহাই পাবলৈ কেনেধৰণৰ পন্থা অৱলম্বন কৰা উচিত সেই বিষয়বোৰো গ্ৰন্থখনে সামৰি লৈছে।
তদুপৰি বিষয়টো পঢ়ুৱৈৰ বাবে অধিক স্পষ্ট আৰু আকৰ্ষণীয় ৰূপত উত্থাপন কৰিবৰ বাবেই গ্ৰন্থখনৰ শেষৰ ফালে নাৰ্চিচিজম প্ৰতিফলিত হোৱা অভিমান, অগ্নিসাক্ষী, আশিকী-টু, চিক্ৰেট ছুপাৰষ্টাৰ আদি কেইবাখনো হিন্দী আৰু অগ্নিস্নান, বনহংস আদি অসমীয়া চিনেমাৰ বিষয়ে আলোচনা কৰা হৈছে। ওপৰঞ্চিভাৱে এই ধাৰণাটো নিহিত হৈ থকা কেতবোৰ বিদেশী চলচ্চিত্ৰ, গান আৰু পেইণ্টিঙৰ নাম উল্লেখ কৰা হৈছে। এইসমূহৰ উপৰি মানুহৰ সৃষ্টিশীলতা, ছচিয়েল মিডিয়া আদিত নাৰ্চিচিজম বিষয়ক আন কিছুমান দিশো গ্ৰন্থখনত অৱতাৰণা কৰা হৈছে।
বিশদ অধ্যয়ন আৰু অভিজ্ঞতাৰ ফচল নাৰ্চিচিজম বিষয়ক এই গ্ৰন্থখনে মানুহক নাৰ্চিচিজম বা নাৰ্চিচিষ্টৰ গ্ৰাসৰ পৰা নিজকে বচাই ৰখাত সহায় কৰিব। লেখিকাই কোৱাৰ দৰেই “গ্ৰন্থখনে বহু লোকক মানুহৰ চাৰিত্ৰিক দিশৰ ৰঙা পতাকা থকা কোণবোৰৰ প্ৰতি সজাগ কৰি তুলিব। ”
নাৰ্চিচিজম, য’ত প্ৰেমৰ সম্ভাৱনা নাই
স্বপ্না দত্ত ডেকা
পূৰ্বায়ণ প্ৰকাশন
দাম ৩০০ টকা

NARCISSISM WRITTEN BY SWAPNA D...
error: Content is protected !!