“ৰশ্মিয়ে বুজি নাপায়, যি সাংবাদিকে নিউজৰ বাবে নিজৰ মৃত্যু ভয়কো অলপো পৰোৱাই নকৰে, সেই সাংবাদিকে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে মাত মাতিব নোৱাৰে কিয়?… প্ৰতিদিনেই শ শ সাংবাদিকৰ মৃত্যু হয়, অৱশ্যে কায়িকভাৱে নহয়; আত্মিকভাৱে। প্ৰতিদিনেই সাংবাদিকৰ সত্ত্বাটোৰ মৃত্যু হয়…। ”
ধ্ৰুৱজ্যোতি বৰুৱাৰ নৱতম উপন্যাস ‘আকাশ বিহীন’ৰ মূল উপজীব্য হৈছে সংবাদ-জগত। ইয়াত আছে সংবাদ-জগতৰ নগ্ন বাস্তৱৰ কথা। কেৱল নিউজৰ পিছে পিছে দৌৰা সাংবাদিকসকলৰ সপোন আৰু হতাশাৰ কথা। একে সময়তে আছে অতি উজ্জ্বল আৰু গ্লেমাৰাছ যেন লগা সংবাদ -জগতৰ ভিতৰছোৱাৰ অতি অন্ধকাৰ আৰু কদৰ্য জগতখনৰ কথা।
সমান্তৰালভাৱে, উপন্যাসখনত চিত্ৰিত হৈছে আশীৰ দশকৰ অসম-আন্দোলনৰ এছোৱা আলোড়িত সময়। এজন সাংবাদিকৰ দৃষ্টিৰে তদানীন্তন সময়ৰ পৰা বৰ্তমানলৈকে অসমৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিক সূ্ক্ষ্মভাৱে যুকিয়াই চোৱা হৈছে। অসম আন্দোলনকে প্ৰমুখ্য কৰি আলফাৰ আন্দোলন, ছাত্ৰ আন্দোলন, কৃষক আন্দোলন আৰু শেহতীয়াকৈ কা-আন্দোলনলৈকে এই আন্দোলনসমূহে অসমক কি দিলে? নে জন্ম দিলে কিছুমান সুবিধাবাদী নেতাৰ? এনে অলেখ প্ৰশ্ন ঔপন্যাসিকে পাঠকলৈ এৰিছে।
আকাশ বিহীন
ধ্ৰুৱজ্যোতি বৰুৱা
পূৰ্বায়ণ প্ৰকাশন

 

সংবাদ জগতৰ কঠিন বাস্তৱ, অসমক উত্তাল কৰা আন্দোলন-আলোড়নৰ ইতিহাসক তুলি ধৰাৰ সাহসী প্ৰচেষ্টা
ধ্ৰুৱজ্যোতি বৰুৱাৰ
আকাশ বিহীন
দাম : ৪০০টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
এখন সাহসী, শক্তিশালী উপন্যাস। দীৰ্ঘদিনীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট ধ্ৰুৱজ্যোতি বৰুৱাই নিৰ্মোহভাৱে সংবাদ জগতৰ নগ্ন বাস্তৱক তুলাচনীত তোলাৰ সফল প্ৰয়াস ‘আকাশ বিহীন’। এই উপন্যাসত সেৱাৰ পৰা অসাধু ব্যৱসায়লৈ সলনি হোৱা সাংবাদিকতাৰ নিদাৰুণ পৰিক্ৰমাটোক নিজৰ অভিজ্ঞতাৰ মাজেৰে নিৰ্মোহভাৱে তুলি ধৰিছে ঔপন্যাসিক বৰুৱাই। কিদৰে অতি সন্মানীয় আৰু সম্ভ্ৰমপূৰ্ণ স্থান এটাৰ পৰা স্খলিত হৈছে অসমৰ সংবাদ মাধ্যম, সা্ংবাদিকৰ স্থান– সেই কথা ইমান নিৰ্মোহভাৱে, ইমান সাহসিকতাৰে হয়তো কোনো ঔপন্যাসিকে আজিলৈকে কোৱা নাই।
কেৱল এয়াই নহয়, অসমৰ ইতিহাসৰ আন ভালেমান উত্থান-পতনৰ কাহিনীও বৰ্ণিত হৈছে এই উপন্যাসত। আশীৰ দশকক আলোড়িত-আন্দোলিত কৰা অসম আন্দোলনৰ পৰা ‘কা’বিৰোধী আন্দোলনলৈকে সামৰি লোৱা এই উপন্যাসক সময়ৰ ধাৰাভাষ্য বুলিও আখ্যা দিব পাৰি নিসন্দেহে। সময়ৰ এই উত্থান-পতন, অৱক্ষয়-উত্তৰণক অতি সুন্দৰভাৱে গাঠি ৰাখিছে এটা নিটোল প্ৰেম কাহিনীয়ে।
সকলো শ্ৰেণীৰ, সকলো ৰুচিৰ পঢ়ুৱৈৰ বাবেই এই উপন্যাসৰ পাঠ এক বিৰল অভিজ্ঞতা হিচাপে চিহ্নিত হোৱাটো নিশ্চিত।

আকাশ বিহীন
ধ্ৰুৱজ্যোতি বৰুৱা
AKASH BIHIN : A NOVEL WRITTEN BY : DHRUBAJYOTI BARUAH
PUBLICATION : PURBAYON
ISBN : 978-93-92699-59-7
দ্বিতীয় প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 344
LANGUAGE : ASSAMESE

AKASH BIHIN – NOVEL WRIT...
or
error: Content is protected !!