“হৰিণাৰ চকুত মায়া সনা থাকে—এনে এষাৰ কথা বলোৰামে শুনিছিল, কিন্তু অনুমান কৰিব পৰা নাছিল সেই মায়াৰ ৰং, ৰূপ। অনুমানেইবা কৰে কেনেকৈ? তাৰ কাৰবাৰ হাঁহ, পাৰ, ছাগলী, ম’হ, কোমোৰা অথবা কুঁহিয়াৰৰ দৰে সামগ্ৰীৰ লগত। হৰিণাৰ ডিঙিৰ জোখ-মাখ লোৱাৰ সুবিধা তাৰ নাই। কিন্তু এক কি ডেৰ বছৰীয়া ম’হ পোৱালিটো দেখি সি আজি ঠিকেই বুজি পালে হৰিণাৰ চকুৰ মায়া কেনে হ’ব পাৰে। “
”প্ৰশ্ন এটাৰ জন্মলগ্নত” —বিদ্যুৎ বিকাশ শৰ্মাৰ মনোগ্ৰাহী গল্প সংকলনটি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
গল্পসমূহৰ পটভূমি আৰু বিষয়বস্তুৱে ব্যক্তিজীৱনৰ পৰা সমাজ-জীৱনলৈ বিস্তৃত দিশ সামৰি লৈছে। চৰিত্ৰৰ মনোজগতৰ একোখন বিচিত্ৰ জগতো গল্পকাৰে পাঠকৰ সন্মুখত উন্মোচন কৰিবলৈ সক্ষম হৈছে।কাহিনীৰ মাধ্যমেৰে বৰ গুৰুত্ব সহকাৰে চিত্ৰিত কৰা হৈছে মানৱীয় চেতনা আৰু প্ৰমূল্যবোধক।
কোনো কোনো ঠাইত জীৱনৰ খামখেয়ালি অথবা মানুহৰ অস্থিৰ-অসহায় অৱস্থাৰ অসন্তুলিত ছবি একোখনো গল্পকাৰৰ ভাষাই নিখুঁট ৰূপত তুলি ধৰিছে —
“ফুটপাথত ভৰি থৈ দীঘলকৈ উশাহ ল’লোঁ। মোৰ এনে লাহিল যেন মই কোনো এক অচিন নগৰীৰ অচিনাকি পথত ঘুৰ্মূটিয়াই ফুৰিছোঁ। ৰাষ্টাৰ পথচাৰী, দোকান-পোহাৰ, গাড়়ী-মটৰ সকলো মোৰ বাবে অচিনাকি হৈ পৰিছে। হেৰাই গৈছে মোৰ গন্তব্য স্থানৰ ঠিকনা। সঠিক পথৰ ঠিকনা সুধিবলৈ মই কাৰো ভাষা বুজি পোৱা নাই। আনকি মই পাহৰি গৈছোঁ মোৰ আত্মপৰিচয়। “
গল্পসমূহৰ সংবেদনশীলতাই পাঠকক চৰিত্ৰৰ সৈতে একাত্ম কৰি ৰখাৰ লগতে ৰসঘন কাহিনীসমূহেও পাঠকক দিব গল্প-পঠনৰ অপূৰ্ব আমেজ।
এটা প্ৰশ্নৰ জন্মলগ্নত
বিদ্যুৎ বিকাশ শৰ্মা
পূৰ্বায়ণ প্ৰকাশন

PRASHNA ETAR JANMALAGNAT &#821...

Original price was: ₹ 170.00.Current price is: ₹ 144.00.

In stock

or
error: Content is protected !!