“তুমি কৈ গ’লে, তাৰ ফাঁকে ফাঁকে ময়ো দুই-এটা ক’ম। তুমি কথা মথি থাকোঁতে ময়ো মূৰ উলিয়াই চাম। যিদৰে বাবা ব্ৰহ্মপুত্ৰৰ সোঁতত শিহুৱে ভুটুংকৈ মূৰ উলিয়ায়। কঁকিলামুখত বালিভাত খাবলৈ গৈ লুইতত শিহু দেখাৰ কথা তোমাৰ নিশ্চয় মনত আছে। পঞ্চল্লিশ বছৰৰ আগৰ কথাবোৰ তোমাৰ ফটফটীয়াকৈ মনত থাকে। অথচ পঞ্চল্লিশ মিনিটৰ আগৰ কথাবোৰ তুমি সমূলি পাহৰা। এহো বাহ্য। আৰু পলম নকৰিবা। কৈ যোৱা… ” (ফান্দী, পুত্ৰ আৰু নাতি)
কবি হিচাপে পৰিচিত আৰু প্ৰসিদ্ধ #ৰাজীৱ_বৰুৱা ৰ গল্প সংকলন — #নৈদানিক। প্ৰকাশ কৰি উলিয়াইছে #পূৰ্বায়ণ_প্ৰকাশনে।
#নৈদানিক ৰ গল্পসমূহ অজটিল; অথচ গভীৰ। সৰল কাহিনী একোটাৰ চিত্তাকৰ্ষক উপস্থাপন বুলি ক’ব পাৰি । বিশেষকৈ চৰিত্ৰৰ মনোজগতত বিচৰণ কৰি মনস্তত্ত্ব বিশ্লেষণত গল্পকাৰ সিদ্ধহস্ত । যাৰ বাবে, চৰিত্ৰৰ কথাবোৰ প্ৰায় সময়ত গল্পকাৰৰ আত্মকথন যেন অনুভৱ হয় । বহু ক্ষেত্ৰত আত্মবিভোৰতা বা আত্মমগ্নতাও উপলব্ধি কৰা যায়।
অতীত কাতৰতা বা স্মৃতি ৰোমন্থন গল্পসমূহৰ লক্ষ্যণীয় দিশ। শৈশৱৰ উমাল সোঁৱৰণিক গল্পকাৰে কোনো ঠাইত এনেকৈও তুলি আনিছে —
“মই প্ৰায়ে বৌটিৰ কাণৰ লতি দুটা আৰু হাতৰ শোতোৰা পৰা ছালবোৰ চুই বৰ ভাল পাইছিলোঁ। ডাঙৰ আৰু গধুৰ কেৰুমণিযোৰৰ ভৰত বৌটিৰ কাণৰ লতি দুটা তললৈ বৈ পৰিছিল। ‘যা, এইটো’ বুলি বৌটিয়ে মোক মিঠা ধমকি এটা শোধালেও খুন্দনাত খুন্দা তামোলৰ এভাগ দিবলৈ পাহৰা নাছিল। ”
এফালে গল্পকাৰে বৰ আলফুলে অঁকা গ্ৰাম্য জীৱনৰ নিভাঁজ সৰলতাৰ ছবি; আৰু আনফালে ফোপোলা নগৰীয়া আভিজাত্য অথবা কংক্ৰীটৰ চেপাত ক্ৰমশঃ হেৰাই যাবলৈ ধৰা এখন চিনাকি ছবি—
“নতুন চহৰখনৰ দেহত ৰঙীন সাজ। ক’লা গোম সাপৰ দৰে পৰি থকা ৰাষ্টাবোৰত অ’ এন জি চিৰ গাড়়ীবোৰৰ সশব্দ বিচৰণ। স্কুলৰ সন্মুখত ল’ৰালিতে দেখা মেটেকানিডৰাত গঢ়়ি উঠিছে শাৰী শাৰী কাপোৰৰ দোকান–ছুপাৰ মাৰ্কেট। আমি সাঁতুৰিবলৈ শিকা বৰপুখুৰীটো পুতি স্থাপন কৰা হৈছে এটা ইস্পাতৰ উদ্যোগ। ”
গল্পসমূহত উভতি চোৱাৰ এক তীব্ৰ তাড়়না অনুভূত হয়। নিজকে বিচৰা অথবা নিজকে খুটিয়াই চোৱাৰ যি প্ৰৱণতা গল্পসমূহে উপলব্ধি কৰোৱায়; সি কাহিনী আৰু চৰিত্ৰৰ সৈতে পাঠকক একাত্ম হ’বলৈ বাধ্য কৰে। চুটিগল্প হিচাপে #নৈদানিক ৰ সফলতা এইখিনিতে।
#নৈদানিক
#ৰাজীৱ_বৰুৱা
#পূৰ্বায়ণ_প্ৰকাশন

Noidanik by Rajib Baruah নৈদান...

Original price was: ₹ 150.00.Current price is: ₹ 127.00.

Out of stock

error: Content is protected !!