প্ৰতিষ্ঠিত লেখিকা গীতালী বৰুৱাৰ উপন্যাস ‘মৌজাল’ এই বছৰৰ এখন অতি গুৰুত্বপূৰ্ণ উপন্যাস। ‘হানী ট্ৰেপ’ শব্দটোৰ সৈতে আমি কোনো অপৰিচিত নহয়। সাম্প্ৰতিক সময়ত মনৰ গুপুত অভিপ্ৰায়, অসংযমী আকাংক্ষাৰ গ্ৰাসত পৰি বহুলোকেই কিছুমান চলনাময় নাৰীৰ কৱলত পৰাৰ কথা শুনা যায়। ‘হানী ট্ৰেপ’ শব্দটোৰে এইসকল নাৰীৰ কৌশলী জালখনকে বুজোৱা হয়। ‘হানী ট্ৰেপ’ৰ কাষ চপা এটা শব্দ ‘মৌজাল’ৰ জৰিয়তে ঔপন্যাসিক গীতালী বৰুৱাই কিহৰ কাহিনী ক’ব খুজিছে সেয়া সহজেই অনুমান কৰিব পাৰি। চলনাময়ী নাৰীৰ এই কৌশলী জালত ছটফট কৰা ব্যক্তিবিশেষ আৰু তাৰেই পাৰ্শ্বক্ৰিয়া হিচাপে আউল লাগি অহা ঘৰ-পৰিয়ালৰ কাহিনী এই উপন্যাসত আছে। ইয়াত আছে ঐতিহ্য আৰু সৰলতা, প্ৰতিশোধ আৰু সহনশীলতাৰ মাজৰ দ্বন্দ্বৰ সন্মুখীন হৈ আগবাঢ়িছে মৌজালৰ কাহিনী। অকৃত্ৰিম জীৱন উপলব্ধিয়ে সজীৱতা তথা গভীৰতা প্ৰদান কৰা উপন্যাসখনত পৰিয়ালকেন্দ্ৰিক সংঘাত তথা ব্যক্তিস্বাধীনতাৰ দৰে বিষয়েও সবল ৰূপত প্ৰতিভাত হৈ উঠিছে। সংবেদনশীল লেখিকা গীতালী বৰুৱাৰ এই উপন্যাসে উপন্যাস পঢ়াৰ নিৰ্ভেজাল আনন্দ আৰু বিষাদ-বেদনাঘন শিহৰণ প্ৰতিজন পঢ়ুৱৈকে দিব।
মৌজাল
গীতালী বৰুৱা
পূৰ্বায়ণ প্ৰকাশন

MOUJAAL – A NOVEL WRITTE...

 192.00

In stock

or
error: Content is protected !!