অসমীয়া সাহিত্য আৰু লোক-সংস্কৃতি অধ্যয়ন আৰু গৱেষণা ক্ষেত্ৰৰ এগৰাকী কিংবদন্তী আছিল বিৰিঞ্চি কুমাৰ বৰুৱা৷ অসমৰ লোকজীৱন, লোক সংস্কৃতি বিষয়ৰ গভীৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে তেওঁ এই দিশত মাইলৰ খুঁটি স্থাপন কৰি থৈ গৈছে৷ একেদৰে তেওঁৰ জীৱনৰ বাটৰ উপন্যাসক অসমীয়া উপন্যাসৰ বাবে মাইলৰ খুঁটি বুলি গণ্য কৰা হয়৷ একেদৰে সেউজী পাতৰ কাহিনীও এখন একক আৰু অনন্য উপন্যাস হিচাপে চিহ্নিত হৈ ৰৈছে৷ এনে এগৰাকী পণ্ডিত তথা অসাধাৰণ প্ৰতিভাধৰ ব্যক্তিৰ বিষয়ে যিমানে জনা যায় সিমানেই কম হয়৷ এনে প্ৰবাদ পুৰুষৰ প্ৰেৰণাদায়ক কৰ্মময় জীৱনক আৰু অধিক জনাৰ আগ্ৰহ ওপজে৷ বিৰিঞ্চি বৰুৱাক জনাৰ তেনে আগ্ৰহক যথেষ্ট পৰিমাণে নিৰসনৰ বাবে তেওঁৰ পুত্ৰ ৰাজ বৰুৱাই লিখা এই গ্ৰন্থখন এক উল্লেখযোগ্য সম্পদ হিচাপে বিবেচিত হোৱাৰ যোগ্য৷ বৰেণ্য লেখক নগেন শইকীয়াই গ্ৰন্থখনক হৃদয়ৰ উত্তাপেৰে লিখা এখন গ্ৰন্থ বুলি আখ্যা দিছে৷ ৰাজ বৰুৱাই তেওঁৰ শৈশৱৰে পৰা পিতৃৰ সৈতে একাত্মতাৰ কথাবোৰ অতি সাৱলীল আৰু অকপট ৰূপত গ্ৰন্থখনত তুলি ধৰিছে৷ তেওঁৰ সৰল আৰু সুন্দৰ বৰ্ণনাৰ জৰিয়তে, তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ অকপট প্ৰকাশৰ জৰিয়তে বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন আৰু তেওঁৰ ব্যক্তিত্বৰ বহু অজানা দিশ গ্ৰন্থখনৰ পাতত উদ্ভাসিত হৈছে৷ বিৰিঞ্চি কুমাৰ বৰুৱাৰ দৰে বিশাল ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিৰ জীৱনৰ নানা নতুন দিশৰ সৈতে পৰিচিত হ’বলৈ হ’লে এই গ্ৰন্থখনৰ পঠন অনিবাৰ্য৷

Mur Deutar Xoite Dinbur &#8211...

Original price was: ₹ 499.00.Current price is: ₹ 424.00.

Out of stock

error: Content is protected !!