এজাক উৰণীয়া চৰাই, নিৰল নিসৰ্গৰ সৈতে এগৰাকী বৰেণ্য বিদ্বানৰ আত্মীয়তাৰ খতিয়ান
উৰণীয়া হাঁহৰ মাত
ড॰ হীৰেন গোহাঁই
দাম : ১৮০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
অসমীয়া সমাজ-জীৱনত এগৰাকী অদ্বিতীয় বিদ্বান হিচাপে পৰিচিত ড॰ হীৰেন গোহাঁইৰ ‘উৰণীয়া হাঁহৰ মাত’ স্বৰূপাৰ্থতে এখন ব্যতিক্ৰমী গ্ৰন্থ৷ সাহিত্য তত্ত্ব, বিভিন্ন দৰ্শন, সমালোচনা আৰু ৰাজনৈতিক পৰ্যবেক্ষক তথা সমাজ বিজ্ঞানী হিচাপে গোহাঁইৰ পাণ্ডিত্য আৰু প্ৰতিভা অতুলনীয় বুলি বিবেচিত হৈ অহাৰ কথা কাৰো অবিদিত নহয়৷ এইগৰাকী পণ্ডিতে লিখা চৰাই বিষয়ক এই গ্ৰন্থখনৰ গুৰুত্বও সেইবাবেই অনন্য৷ নিজৰ পৰিচিত জগতখনৰ পৰা সামান্য আঁতৰি আহি প্ৰকৃতি পৰ্যবেক্ষণ তথা তাৰ নিপুণ বিৱৰণৰ জৰিয়তে ড॰ গোহাঁয়ে একপ্ৰকাৰ চমক দিবলৈ সক্ষম হৈছিল৷ ১৯৯৮ চনতে প্ৰকাশ পোৱা এই সংকলনখনৰ প্ৰতি পঢ়ুৱৈৰ আগ্ৰহ আৰু আন্তৰিকতা আছিল অনন্য৷ ইয়াৰ পূৰ্বায়ন সংস্কৰণে নতুনচাম পঢ়ুৱৈৰ বাবে অন্য এগৰাকী হীৰেন গোহাঁইক উদ্ভাসিত কৰি তোলাটো নিশ্চিত৷ প্ৰকৃতি আৰু আমাৰ দায়বদ্ধতাৰ দৰে বহু চৰ্চিত কিন্তু সদা অৱহেলিত বিষয় এটাকো গ্ৰন্থখনে চৰ্চা কৰাৰ অৱকাশ দিব৷

Uraniya Hahor Mat by Dr. Hiren...

Original price was: ₹ 180.00.Current price is: ₹ 153.00.

Out of stock

error: Content is protected !!