“কিন্তু সত্যৱতীয়ে কি প্ৰাৰ্থনা কৰিব—কি বিচাৰিব লিংগৰাজৰ কাষত। পুত্ৰ কৃষ্ণৰ মুখখনলৈ মনত পৰিল, মনত পৰিল ঋষি পৰাশৰৰ মুখ, নিজৰ মাতৃ আদ্ৰিকা—আৰু সেই পিতৃজন, যাৰ নাম উপচীৰ বসু। সকলো একাকাৰ হ’ল মনৰ মাজত, কিন্তু তাৰ মাজৰ পৰা যেন দুটা সত্ত্বা ওলাই আহিল। তাৰে এটা আৰ্য, আনটি অনাৰ্য। এই বিভিন্নতাই যেন সকলো দুঃখৰ মূল। ”
মহাভাৰতৰ চাৰিটি মূল নাৰী চৰিত্ৰৰ আলমত লিখা চাৰিখন মননশীল উপন্যাসিকাৰ সংকলন —‘মহাভাৰতৰ মহীয়সী’; য’ত বৰ্ণিত হৈছে সত্যৱতী, কুন্তী, গান্ধাৰী আৰু দ্ৰৌপদীৰ জীৱনৰ বৈচিত্ৰ্যময় কাহিনী। নীলিমা গোস্বামীৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
‘মহাভাৰতৰ মহীয়সী’ত উল্লিখিত চাৰিটা নাৰী চৰিত্ৰক লেখিকাই নিজস্ব দৃষ্টিভংগীৰে উপস্থাপন কৰিছে। বিশেষকৈ চৰিত্ৰৰ মনোজগতৰ দ্বন্দ্ব আৰু অন্তৰ্দ্বন্দ্বক কাহিনীৰ মাধ্যমেৰে সাৱলীল ৰূপত তুলি ধৰা হৈছে। ক’ব পাৰি যে, সকলোৰে পৰিচিত মহাভাৰতৰ কাহিনীটোক একেধৰণেই ৰাখি নিৰ্দিষ্ট চৰিত্ৰকেইটাক এই উপন্যাসিকাকেইখনত কিছু নতুন চিন্তাৰে পাঠকৰ সমুখত থিয় কৰোৱাইছে।
মূল কাহিনীৰ আনুষংগিক ঘটনা-পৰিঘটনা আৰু চৰিত্ৰাৱলীৰ যথাযথ চিত্ৰণেও উপন্যাসিকাকেইখনক আকৰ্ষণীয় কৰি তুলিছে। পূৰ্বনিৰ্দ্ধাৰিত কাহিনীসমূহক নতুন চিন্তা উদ্ৰেক কৰিব পৰাকৈ উপস্থাপন কৰিব পৰাটো গ্ৰন্থখনৰ অন্যতম সফলতা ।
সৰল আৰু সুন্দৰ প্ৰকাশভংগীৰ কাহিনী-কথনে পাঠকক আমোদ দিয়াৰ লগতে মহাভাৰতৰ চাৰিটি নাৰী চৰিত্ৰক নতুন চিন্তাৰে জুকিয়াই চাবলৈও উদ্বুদ্ধ কৰিব।
মহাভাৰতৰ মহীয়সী
নীলিমা গোস্বামী
পূৰ্বায়ণ প্ৰকাশন

মহাভাৰতৰ মহীয়সী
সত্যৱতী, কুন্তী, গান্ধাৰী, দ্ৰৌপদীৰ আলমত লিখা চাৰিখন মনোৰম উপন্যাসিকা
নীলিমা গোস্বামী
MAHABHARATAR MAHIYASHI : A COLLECTION OF FOUR NOVELLA ON THE BASIS OF MAHABHARATA
WRITTEN BY : NILIMA GOSWAMI
PUBLICATION : PURBAYON PUBLICATION
ISBN : 978-93-95103-30-5
প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ,2022
PAGES : 140
LANGUAGE : ASSAMESE

MAHABHARATAR MAHIYASHI BY NILI...

Original price was: ₹ 190.00.Current price is: ₹ 152.00.

In stock

or
error: Content is protected !!