“… গোন্ধটো মুহূৰ্ততে হৈ পৰিছে এযুৰি কেশগধূৰ বিশ্বাসী চকু। উজ্জ্বল চকুযুৰিয়ে থিয়দঙা দি তাইক বাট কাটি দিছে—উঠ পদুম, মোৰ চকুলৈ চা। মই আছোঁ, মই জী আছোঁ কেৱল তোৰ বাবে। পৃথিৱীৰ সমস্তই তোক ঘৃণা কৰিলেও মই তোক ঘৃণা কৰিব নোৱাৰোঁ —নকৰোঁ। তোক মই ভালপাওঁ। মই তোক জীয়ন দিম–বাৰিষাৰ এপাহ ৰঙা পদুমৰ দৰে। সেউজীয়া বৰষুণ হৈ! ”
এখনি কাব্যোপম উপন্যাস– “মুখা”। ড০ মৃণাল কুমাৰ গগৈৰ এই পঞ্চমখন উপন্যাস প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
মূলতঃ এটি হৃদয় পৰশি যোৱা প্ৰেম-কাহিনীয়ে হ’ল ‘মুখা’ৰ উপজীব্য; যাৰ আলমত অসমৰ এছোৱা কৰুণ সময়ৰ মৰ্মন্তুদ ইতিহাস অংকন কৰা হৈছে। সূক্ষ্মাতিসূক্ষ্ম পৰ্যবেক্ষণ তথা অনুভৱ-উপলব্ধিৰে ঔপন্যাসিকে কাহিনীৰ মৰ্মস্পৰ্শিতা গাঢ় কৰি তোলাৰ লগতে চৰিত্ৰৰ মনোজগতৰ দ্বন্দ-অন্তৰ্দ্বন্দ, নীৰৱতা আৰু কোলাহলক শাব্দিক ৰূপ দিয়াত পূৰামাত্ৰাই সফল হৈছে।
এটি দীঘল কবিতাৰ দৰেই কাহিনী গতিময়। লেখকৰ মননশীল ভাষা আৰু মধুৰ বৰ্ণনাশৈলী অতি আকৰ্ষণীয়—-
“জীৱনৰ একান্ত গোপন কথাবোৰ কেৱল ফাগুনেহে জানে। কিন্তু নৈখনে জানে সকলো কথা। ফাগুন আহক বা নাহক কথাবোৰ সামৰি নৈখন বৈ থাকে নিৰৱে। প্ৰথম বহাগৰ পৰা চ’তৰ শেষলৈকে। নিৰ্জন এখনি নৈ। ”
প্ৰতিটো মুহূৰ্ত অথবা পৰিৱেশ-পৰিস্থিতিৰ নিটোল চিত্ৰণে উপন্যাসখনক অনন্য মাত্ৰা প্ৰদান কৰিছে। লেখকে খুব সাৱলীল ৰূপত এখন নিখুঁত ছবিৰ দৰে তাক তুলি ধৰিছে —
“পানীত পৰি ককবকাই আছিল পদুম। একোঁচা দীঘল ক’লা চুলি ওলমি আছিল তামোলৰ শিপাৰ মাজত। হয়তো তাই নাদলৈ জঁপিয়াই দিওঁতে চুলিকোঁচা শিপাৰ ফেৰেঙনিত লাগি ধৰিছিল। নাদৰ তলী চাবলৈ মানুহৰ হেতাওপৰা লাগিছে। মাইকী মানুহবোৰে নিজৰ নিজৰ আলোৱানখন মুখলৈ টানি আনি নাক ঢাকি সেই দৃশ্য উপভোগ কৰিছে, মতা মানুহবোৰ ভীষণ ব্যস্ত হৈ পৰিছে অৰ্ধমৃত পদুমৰ দেহাটো নাদৰ পৰা তুলি আনিবলৈ। ”
একেদৰে চৰিত্ৰৰ মানসিক জগতখনকো ঔপন্যাসিকে সংবেদনশীলতাৰে তুলি ধৰিছে একেদৰেই—
“হাত মেলিলেও ঢুকি নোপোৱা শৰীৰৰ অস্পৰ্শিত অংশ এটাত মহ এটাই দংশন কৰি থাকিলে যেনেকুৱা লাগে, এই মুহূৰ্তত এই অনাহূত মানুহজনৰ লগত কথা পাতিও কলিতানীবৌৰ তেনেকুৱাই লাগিল। ”
কাহিনী আৰু চৰিত্ৰৰ সৈতে ঔপন্যাসিকৰ গভীৰ একাত্মতা আত্মিক উপলব্ধিয়ে উপন্যাসখনক প্ৰকৃতাৰ্থত সজীৱতা প্ৰদান কৰিছে; যিয়ে পাঠককো পঠনৰ সুখানুভূতিৰে আপ্লুত কৰিব।
#মুখা
#ড০ মৃণাল কুমাৰ গগৈ
#পূৰ্বায়ণ_প্ৰকাশন

 

মুখা
ড° মৃণাল কুমাৰ গগৈ
MUKHA : A NOVEL
WRITTEN BY : DR. MRINAL KUMAR GOGOI
PUBLICATION : PURBAYON
ISBN : 978-93-92699-67-2
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 123
LANGUAGE : ASSAMESE

MUKHA – A NOVEL WRITTEN ...

Original price was: ₹ 160.00.Current price is: ₹ 128.00.

In stock

or
error: Content is protected !!