“পৰজা জাতিয়ে পালন কৰা পোহৰৰ উৎসৱৰ মাহ নৱেম্বৰৰ কুঁৱলীয়ে আবৃত এটি পুৱাত শুক্ৰুজানি আৰু তাৰ সৰু পুতেক টিকিৰাই ধৰুৱাই হিচাপে গিৰমিটিয়া খটাৰ নতুন জীৱন আৰম্ভ কৰিবলৈ চাহুকৰৰ ঘৰ পালেগৈ।… অহা বছৰ সিহঁত দুয়ো চাহুকৰৰ দাস হিচাপে পাহাৰৰ ধান খেতি আৰু মান্দিয়াই চপাব, জাকে জাকে গৰুৰ গাখীৰ খীৰাব। তাৰ বাবে ঘৰ সাজিব। ”
জ্ঞানপীঠ বঁটা বিজয়ী উড়িয়া সাহিত্যিক গোপীনাথ মাহান্তিৰ এখনি সুন্দৰ উপন্যাস ‘পৰজা’ একে নামেৰেই অসমীয়ালৈ অনুবাদ কৰিছে চন্দ্ৰেশ্বৰ দুৱৰাই।
উৰিষ্যাৰ পাহাৰৰ নামনিত বসবাস কৰা ‘পৰজা’ এটা জনজাতি। জংঘল কাটি চাফ-চিকুণ কৰি নিজৰ কৰি লোৱা মাটিত খেতি-বাতি কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। প্ৰকৃতিৰ কোলাত শান্ত-শিষ্টভাৱে লালিত-পালিত হোৱা সেই গাঁৱৰ এজন ব্যক্তি শুক্ৰুজানি আৰু তেওঁৰ সুখী পৰিয়ালটো কিদৰে সুদখোৰ মহাজন চাহুকৰৰ কবলত পৰি থানবান হৈ যায়, তাৰ কৰুণ ছবিয়েই উপন্যাসখনৰ মূল বিষয়বস্তু।
মূলতঃ মাৰ্ক্সীয় দৃষ্টিভংগীৰে ৰচিত উপন্যাসখনত শাসক আৰু শোষিতৰ নিদাৰুণ ছবিখন প্ৰকট হৈ উঠিছে। পাহাৰৰ নামনিত বাস কৰা অতি দৰিদ্ৰ জনগোষ্ঠীটোৰ জীৱনধাৰাৰ বহু দিশ ঔপন্যাসিকে প্ৰতিফলিত কৰিছে।তদুপৰি তেওঁলোকৰ খাদ্যাভ্যাস, ৰীতি-নীতি, উৎসৱ-পাৰ্বণ ইত্যাদি বহুবোৰ দিশ উপন্যাসখনৰ বুকুত চিত্ৰিত হৈছে।
মূল উপন্যাসখনৰ সৌন্দৰ্য সম্পূৰ্ণৰূপে ৰক্ষা কৰি অনুবাদকে কৰা সাৱলীল অসমীয়া ভাঙনিয়ে পাঠকক আপ্লুত কৰিব।
পৰজা (গোপীনাথ মাহান্তি)
চন্দ্ৰেশ্বৰ দুৱৰা (অনুবাদক)
পূৰ্বায়ণ প্ৰকাশন

 

পৰজা
মূল : গোপীনাথ মহান্তি
ভাবানুবাদ : চক্ৰেশ্বৰ দুৱৰা
PARAJA : AN ORIYA NOVEL WRITTEN BY : GOPINATH MOHANTY AND TRANSCREATED BY : CHANDRESHWAR DUWARAH
PUBLICATION : PURBAYON
ISBN : 978-93-90919-88-8
প্ৰথম প্ৰকাশ : আগষ্ট, 2021
PAGES : 298
LANGUAGE : ASSAMESE

PARAJA – AN ORIYA NOVEL ...

 288.00

In stock

or
error: Content is protected !!