অসমীয়া কবিতাৰ এগৰাকী অসামান্য প্ৰতিনিধিৰ নতুন সাঁচৰ কবিতা
হৰেকৃষ্ণ ডেকাৰ
খিৰিকীখনত নাম নিলিখিবা আৰু লকডাউনৰ কবিতা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
অসমীয়া সাহিত্যৰ জগতখনত হৰেকৃষ্ণ ডেকাৰ উপস্থিতি ব্যাপক আৰু বিস্তৃতিময়। গল্প, সাহিত্য আলোচনা, স্তম্ভ লেখা, চিত্ৰকলাৰ আলোচনা, উপন্যাস আৰু কবিতা সকলোতে তেওঁ সমান দক্ষতা আৰু বুৎপত্তিৰে বিচৰণ কৰিছে৷ ‘আন এজন’ কাব্য সংকলনৰ বাবে তেওঁ যিদৰে সাহিত্য অকাদেমি বঁটা লাভ কৰিছে ঠিক একেদৰে ‘বন্দীয়াৰ’ গল্পৰ বাবে লাভ কৰিছে সৰ্বভাৰতীয় কথা বঁটা। তেওঁৰ ব্যাপকতা আৰু বিস্তৃতিৰ এয়া এটা সৰু উদাহৰণহে৷ ‘আন এজন’, ‘সমুদ্ৰ ভীতি’, ‘উত্তৰ পুৰুষলৈ’, ‘পোলাকাটা’, ‘লুংলেৰ বতাহ’ আদিৰ দৰে ভালেমান অবিস্মৰণীয় কবিতা লিখা কবিগৰাকীৰ নতুন সাঁচৰ কিছুসংখ্যক কবিতাৰ সংকলন ‘খিৰিকীখনত নাম নিলিখিবা আৰু লকডাউনৰ কবিতা’। এই লানি কবিতাত হৰেকৃষ্ণ ডেকাৰ প্ৰয়াস খুব সৰল আৰু অকপট৷ অন্তৰতম কিছু অনুভূতি, সমান্তৰালভাৱে কোনো এক অপূৰণ অনুপস্থিতিৰ ভাবেই কবিতাবোৰত বিয়পি আছে। কবিগৰাকীৰ ৰাজনৈতিক সচেতনতা আৰু প্ৰতিষ্ঠানবিৰোধী বিদ্ৰোহৰ সুৰ এটাও তুলি ধৰিছে একাংশ কবিতাই। কবিগৰাকীৰ নতুন সাঁচৰ এই কবিতাসমূহৰ পাঠ পঢ়ুৱৈৰ কাৰণে এটা নতুন অভিজ্ঞতাৰ আকৰ হৈ পৰাটো অৱধাৰিত।

 

খিৰিকীখনত নাম নিলিখিবা আৰু লকডাউনৰ কবিতা
হৰেকৃষ্ণ ডেকা
KHIRIKIKHANAT NAAM NILIKHIBA ARU LOCKDOWNR KABITA : A COLLECTION OF ASSAMESE
POEMS WRITTEN BY : HAREKRISHNA DEKA
PUBLISHED BY : DR. AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-92699-27-6
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2021
PAGES : 140
LANGUAGE : ASSAMESE

KHIRIKIKHANAT NAAM NILIKHIBA A...

Original price was: ₹ 180.00.Current price is: ₹ 144.00.

In stock

or
error: Content is protected !!