উপন্যাসখনৰ প্ৰাৰম্ভতে লেখকে কৈছে —“… এই কাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে এখন চাহ বাগিচাৰ গ্ৰুপ হাস্পতালৰ, য’ত হেজাৰ হেজাৰ ৰোগাক্ৰান্তই আৰোগ্য লাভ আৰু কত মুমূৰ্ষুৱে জীৱন লাভৰ সুযোগ পাইছিল… কাহিনী মেডিকেল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ অহা এজন ডেকা চিকিৎসকৰ কৰ্ম জীৱনৰ আৰম্ভণি আৰু পৰৱৰ্তী উত্তৰণ তথা ঘাত-প্ৰতিঘাত-সংঘাতৰ… কাহিনী অসমৰ স্থানীয় চাহৰ প্ৰজাতিৰে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা ব্ৰুচ ভ্ৰাতৃদ্বয়ৰ কঠোৰ সংগ্ৰীমৰ… কাহিনী সেউজীয়া কেঁচা সোণৰ পৰা তাম বৰণীয়া সুগন্ধি চাহলৈ ৰূপান্তৰ কৰা পৰিশ্ৰমী চাহ-শ্ৰমিক, কৰ্মচাৰী আৰু বিষয়াবৰ্গৰ ডুখৰীয়া ছবিৰ ”
‘ফানাপৰ দেশত’—কৰ্মসূত্ৰে লাভ কৰা বাস্তৱ অভিজ্ঞতা তথা ঐতিহাসিক তথ্যৰে সমৃদ্ধ ডাঃ ৰবীন মজুমদাৰৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
তথ্যভিত্তিক হ’লেও নিটোল কাহিনী এটিৰে সৈতে উপন্যাসখনে শেষ পৰ্যন্ত গতিশীল হৈ ৰৈছে। লেখকৰ সৰল ভাষা, প্ৰাঞ্জল বৰ্ণনা তথা সাৱলীল প্ৰকাশভংগীয়ে পাঠকক মুগ্ধ কৰি ৰাখে। কুতুবুদ্দিন আহমেদৰ মন্তব্য—
“… প্ৰথম পুৰুষত বৰ্ণিত হোৱা প্ৰাণোচ্ছল প্ৰকাশভংগীৰ বাবে গ্ৰন্থখন হাতত তুলি ল’লে নপঢ়াকৈ এৰিব নোৱাৰি। ”
পাঠক-সমাজে নিশ্চিতভাৱে ‘ফানাপৰ দেশত’ পঢ়ি তথ্য আৰু জ্ঞানৰ সমান্তৰালভাৱে সাৰ্থক উপন্যাস পঠনৰ স্বাদ লাভ কৰিব।
ফানাপৰ দেশত
ডাঃ ৰবীন মজুমদাৰ
পূৰ্বায়ণ প্ৰকাশন
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰতিষ্ঠিত এখন চাহ বাগিচাৰ গ্ৰুপ হাস্পতালৰ জীয়া কাহিনীৰ লগতে মেডিকেল কলেজৰ শিক্ষা সামৰি অহা এগৰাকী ডেকা চিকিৎসকৰ ঘটনাবহুল কৰ্মজীৱনৰ কাহিনীৰে পাঠকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাব পৰা এখন উপন্যাস
ডাঃ ৰবীন মজুমদাৰৰ
ফানাপৰ দেশত
দাম : ৩৯০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
ডাঃ ৰবীন মজুমদাৰৰ “ফানাপৰ দেশত” উপন্যাসখনৰ কাহিনী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে এখন চাহ বাগিচাৰ গ্ৰুপ হাস্পতালৰ, য’ত হেজাৰ হেজাৰ ৰোগাক্ৰান্তই আৰোগ্য লাভ আৰু কত’ মুমূৰ্ষুৱে জীৱন লাভৰ সুযোগ পাইছিল। তদুপৰি এই কাহিনী মেডিকেল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ অহা এজন ডেকা চিকিৎসকৰ কৰ্ম জীৱনৰ আৰম্ভণি আৰু পৰৱৰ্তী উত্তৰণ তথা ঘাত-প্ৰতিঘাত-সংঘাতৰে বৈচিত্ৰ্যপূৰ্ণ। এই কাহিনী অসমৰ স্থানীয় চাহৰ প্ৰজাতিৰে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰা ব্ৰুচ ভ্ৰাতৃদ্বয়ৰ কঠোৰ সংগ্ৰামেৰে ভৰা। সেউজীয়া কেঁচা সোণৰ পৰা তাম বৰণীয়া সুগন্ধি চাহলৈ ৰূপান্তৰ কৰা পৰিশ্ৰমী চাহ-শ্ৰমিক, কৰ্মচাৰী আৰু বিষয়াবৰ্গৰ ডুখৰীয়া ছবিৰে এখন ঘটনাবহুল আৰু সংবেদনশীল কাহিনীৰে অসমীয়াৰ সাহিত্যৰ এখন অতি গুৰুত্বপূৰ্ণ উপন্যাস।

ফানাপৰ দেশত
ডাঃ ৰবীন মজুমদাৰ
FANAPAR DESHOT : A NOVEL
WRITTEN BY : DR. RABIN MAZUMDER
PUBLISHED BY : AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-92699-87-0
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 464
LANGUAGE : ASSAMESE

FANAPAR DESHOT – NOVEL B...

Original price was: ₹ 390.00.Current price is: ₹ 331.00.

Out of stock

error: Content is protected !!