অসমীয়া ছবিজগতৰ এগৰাকী অনন্য প্ৰতিভা তথা অবিস্মৰণীয় ‘নায়ক’ নিপন গোস্বামীৰ আত্মকথাৰ সংকলন ‘নিপম নিপন’৷ এখন পৰম্পৰাগত আত্মজীৱনীৰ দৰে গন্য নকৰি এইখনক এখন খণ্ডিত স্মৃতিকথা বোলাহে যুগুত হ’ব যদিও গ্ৰন্থখনৰ পাতত শিল্পীগৰাকীৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু অভিনয়ৰ সৈতে তেওঁৰ অভিন্নতাৰ ছবিখন প্ৰকট হৈ উঠিছে৷ গ্ৰন্থখনৰ অনুলিখন কৰিছে শান্তনু কোঁৱৰ আৰু পাপৰি বড়াই৷ এগৰাকী পুৰোধা অভিনেতাৰ স্মৃতিৰ সুঁতিৰে বৈ অহা ভালেমান মণি-মানিক বুটলি এই গ্ৰন্থখনত তুলি ধৰা হৈছে৷ নিপন গোস্বামীৰ শৈশৱৰ পৰা প্ৰাপ্তি আৰু উত্থান-পতন ঘেৰা জীৱনৰ এই কাহিনীয়ে যিকোনো এজন লোককে উদ্দীপিত কৰি তুলিব পাৰে৷ অসমীয়া চলচ্ছিত্ৰ জগতৰ লগতে, মায়ানগৰীৰ কাহিনী, শৈশৱ কৈশোৰৰ ডুখৰীয়া ছবি, এফটিআই পুনেৰ সোঁৱৰণি আনকি যৌৱনৰ দিনবোৰৰ অবাধ যৌন জীৱনৰো অকপট স্বীকাৰোক্তিয়ে গ্ৰন্থখনক বৈচিত্ৰ্য প্ৰদান কৰিছে৷ অসমীয়া ছবি জগতৰ এইগৰাকী ‘ছুপাৰষ্টাৰ’ৰ জীৱনৰ বহু অপ্ৰকাশিত কাহিনী আৰু বহু গোপন সত্যৰ সম্ভেদ দিয়া এই গ্ৰন্থখনে তেওঁৰ অনুৰাগীসকলকে নহয় যিকোনো পঢ়ুৱৈকে অনন্য আনন্দ দান কৰিব৷

Nipam Nipan By Nipan Goswami ন...
error: Content is protected !!