“কালান্তৰৰ গদ্য”—উপন্যাসখন ৰচনাৰ নেপথ্যৰ কাৰক সন্দৰ্ভত ঔপন্যাসিক ধ্ৰুৱজ্যোতি বৰাই প্ৰথমতেই কৈছে —
“… ইতিহাসৰ বিশাল গতিধাৰাৰ সন্মুখত অসহায় অকলশৰীয়া মানুহৰ কথা আৰু সেই মানুহৰ সামূহিক কাম-কাজে ইতিহাসক গতি দিয়া, যুগ পৰিৱৰ্তন ঘটোৱা—কালান্তৰৰ গদ্যৰ ৰচনাৰ কথাই হ’ল এই উপন্যাসৰ উপজীব্যও। অসমৰ এটা প্ৰজন্মই আৰম্ভ কৰা ভঙা-গঢ়াৰ পৰ্ব, নতুন বাটৰ সন্ধান কৰাৰ সময়ত দুঃসাহসিক, সময়ত ট্ৰেজিক কাহিনী আৰু তাৰ মাজেৰেই যুগপৎ প্ৰকাশ পোৱা শান্তিৰ কামনা আৰু অপৰাজেয় আশা—এইবোৰৰ খণ্ডচিত্ৰৰ সমাহাৰেৰেই এই উপন্যাসৰ গ্ৰন্থনা।”
অনস্বীকাৰ্য যে, ঔপন্যাসিকৰ ভাষাৰ মাধুৰ্য আৰু হৃদয় পৰশা বৰ্ণনাশৈলী “কালান্তৰৰ গদ্য”ৰ অন্যতম আকৰ্ষণীয় দিশ—
“এটা অচিন চৰাইৰ মাতত আৰ্চ্ছী এখনৰ দৰে থনথনকৈ পৃথিৱীখন যেন ভাগি চৌচিৰ হৈ পৰিল। তমসাচ্ছন্ন অৰণ্যৰ বুকুৰ পৰা ভাহি আহিছে এটা ভেষজ গোন্ধ। ওখ ওখ গছৰ আগডালবোৰ ওপৰত লগ লাগি যেন এখন প্ৰকাণ্ড জালহে গুঠি পেলাইছে আৰু তাৰ মাজেৰেই কেতিয়াবা চমকি চকুত পৰিছে জালপহীয়া আকাশখনৰ একোটা ভগ্নাংশ। ”
উপন্যাসখনৰ বৈশিষ্ট্য অথবা সামগ্ৰিক আভাস এটিৰ বাবে বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁইৰ এটি আলোচনামূলক মন্তব্যৰ একাংশ উদ্ধৃত কৰা হ’ল—
“…সেই অভ্যুত্থানৰ বিপদসংকুল অভিযানবোৰৰ দুৰ্জেয় সাহস, প্ৰাকৃতিক আৰু ৰাষ্ট্ৰীয় বাধাৰ পৰা প্ৰতিমুহূৰ্ততে নিৰ্মম মৃত্যুৰ আশংকা, অভিযাত্ৰী মুক্তি বাহিনীৰ নায়ক আৰু সদস্যসকলৰ ত্যাগ, সংশয়, সংকল্পৰ মাজেৰেই অবিচল আত্মোৎসৰ্গ, নিমিষতে ল’বলগা সিদ্ধান্তৰ অপৰিৱৰ্তনীয় আৰু কেতিয়াবা নিষ্ঠুৰ পৰিণতি—এইবোৰ “কালান্তৰৰ গদ্য”ত অবিস্মৰণীয় ঘনত্বৰে ৰূপায়িত হৈছে “….
… একক দৃষ্টিকোণৰ সৈতে আন দৃষ্টিকোণৰ পাৰ্থক্য আৰু সংঘাত সম্পৰ্কে সচেতনতা হৈছে প্ৰকৃত লেখকৰ লক্ষণ তথা ধৰ্ম। শ্বেইক্সপীয়েৰৰ নাটকত সেয়ে সুস্পষ্ট খলনায়কৰ প্ৰতিও আমাৰ এক বিভ্ৰান্ত সহানুভূতি থাকে। এইপিনৰ পৰা ড০ ধ্ৰুৱজ্যোতি বৰাই সাৰ্থক কাহিনীকাৰৰ ক্ষমতা অৰ্জন কৰিছে। “কালান্তৰৰ গদ্য”ত সেয়ে উগ্ৰপন্থী বিদ্ৰোহৰ জমা-খৰচত এপিনে বিদ্ৰোহীবিলাকৰ প্ৰাণোৎসৰ্গ আৰু অদ্ভুত মনোবল স্বীকৃত হৈছে, আনপিনে তেওঁলোকৰ কাম-কাজে সৃষ্টি কৰা নৈৰাজ্য আৰু ৰক্তাক্ত শূন্যতাও সাব্যস্ত হৈছে সাৱলীলভাৱে। ”
কালান্তৰৰ গদ্য
ধ্ৰুৱজ্যোতি বৰা
পূৰ্বায়ণ প্ৰকাশন

 

সমসাময়িক ইতিহাসক কলাৰূপবিশিষ্ট কাহিনীত
পৰিণত কৰাৰ দুঃসাহসিক প্ৰচেষ্টা
ড॰ ধ্ৰুৱজ্যোতি বৰা
কালান্তৰৰ গদ্য
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশক
সাম্প্ৰতিক অসমীয়া গদ্য সাহিত্যৰ জগতখনৰ এগৰাকী অসাধাৰণ প্ৰতিনিধি ড॰ ধ্ৰুৱজ্যোতি বৰাৰ ‘কালান্তৰৰ গদ্য’ তেওঁৰ লেখক জীৱনৰ অন্যতম কীৰ্তিচিহ্ন হিচাপে বিবেচিত হৈ আহিছে৷ সমাজবাস্তৱক অভিজ্ঞতাশ্ৰয়ী কাহিনীৰ জৰিয়তে এই উপন্যাসত অতি শক্তিশালীভাৱে উপস্থাপন কৰিছে লেখকে৷ ড॰ ধ্ৰুৱজ্যোতি বৰাৰ এই প্ৰচেষ্টাক দুঃসাহসিক আখ্যা দি অদ্বিতীয় বিদ্বান ড॰ হীৰেন গোহাঁয়ে লিখিছে– ‘ড॰ বৰাৰ এই প্ৰচেষ্টা দুঃসাহসী, কাৰণ সমসাময়িক ইতিহাসক কল্পনাৰ বোলেৰে কলাৰূপবিশিষ্ট কাহিনীত পৰিণত কৰিবলৈ তেওঁ চেষ্টা কৰিছে৷’ ধ্ৰুৱজ্যোতি বৰাৰ বিশিষ্টতাক স্বীকাৰ কৰি ড॰ গোহাঁয়ে লিখিছে, ‘‘ৰামধেনু’ যুগৰ পৰৱৰ্তী পৰ্যায়ৰ লেখকসকলৰ ভিতৰত ড॰ বৰা এক অগ্ৰণী প্ৰতিভা, যাৰ পৰিশ্ৰম ক্ষমতা তেওঁৰ বলিষ্ঠ প্ৰতিভাৰ অনুৰূপ৷’
বৰাৰ একে সমধৰ্মী বিষয়বস্তুৰ ‘কালান্তৰৰ গদ্য’ আৰু ‘অৰ্থ’ৰ দৰে উপন্যাসক এক স্বপ্নভংগৰ কাহিনী– এক দুৰ্বাৰ কিন্তু লক্ষ্যভ্ৰষ্ট জাতীয় জাগৰণৰ কৰুণ আৰু ভয়াৱহ পৰিণতিৰ কাহিনী আখ্যা দি ড॰ গোহাঁয়ে ইয়াৰ পাতত বৰ্ণিত অৱক্ষয় আৰু অস্থিৰতাৰ ছবিখন কিমানবাস্তৱসন্মত, বিশ্বাসযোগ্য আৰু নিভাঁজ সেয়াও স্পষ্টকৈ উল্লেখ কৰিছে৷
অসমীয়া উপন্যাস সাহিত্যৰ জগতখনৰ যাউতিযুগীয়া সম্পদ হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা বহন কৰা ‘কালান্তৰৰ গদ্য’ৰ দৰে উপন্যাসৰ পাঠ পঢ়ুৱৈৰ বাবে অনন্য অভিজ্ঞতাৰ আকৰ হৈ উঠিব৷

কালান্তৰৰ গদ্য
ড° ধ্ৰুৱজ্যোতি বৰা
KALANTARAR GADYA : AN ASSAMESE NOVEL
WRITTEN BY : DR. DHRUBAJYOTI BORA
PUBLISHED BY : DR. AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON
ISBN : 978-93-90919-54-3
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 384
LANGUAGE : ASSAMESE

KALANTARAR GADYA – NOVEL...

Original price was: ₹ 440.00.Current price is: ₹ 352.00.

In stock

or
error: Content is protected !!