বিশ্ববিশ্ৰুত আমেৰিকান ঔপন্যাসিক লিয়ন ইউৰিছৰ ‘এক্সোডাছ’ সৰ্বকালৰ জনপ্ৰিয় উপন্যাসসমূহৰ অন্যতম । ঐতিহাসিক পটভূমিত ৰচিত এই উপন্যাসখন মূলতঃ ইহুদী জাতিৰ ওপৰত হিটলাৰৰ অমানুষিক অত্যাচাৰ আৰু পাশৱিক গণহত্যাৰ কাহিনী।
‘এক্সোডাছ’ নামৰ বৃহৎ কলেৱৰৰ এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে ননী চহৰীয়া বৰাই। মূলৰ সৌন্দৰ্য-সুষমা অটুট ৰাখি অনুবাদকে নিষ্ঠা সহকাৰে অনূদিত ৰূপ দিয়া উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
‘এক্সোডাছ’ত ইহুদী বা হিব্ৰু জাতিৰ জন্মৰ পৰা পেলেষ্টাইন ভাগ হৈ নতুন ৰাষ্ট্ৰ ইজৰাইল গঠনলৈকে এক সুদীৰ্ঘ ইতিহাস সন্নিৱিষ্ট হৈছে। তাৰ মাজতে আছে দুহেজাৰ বছৰ ধৰি শোষণ-নিপীড়নৰ বলি হোৱা এই ইহুদীসকলৰ দুখ-দুৰ্দশা, ঘাত-প্ৰতিঘাত আৰু হতাশা-নিৰাশাৰ কাহিনী।
… ” অৱশেষত সকলো ইহুদীৰ উমৈহতীয়া প্ৰচেষ্টা, কষ্টসহিষ্ণুতা, ইচ্ছাশক্তি আৰু বহু হাজাৰ বছৰ পূৰ্বে অ’ল্ড টেষ্টামেণ্টত লিখা থকা ভগৱানৰ বাণীৰ প্ৰতি থকা অখণ্ড বিশ্বাস আৰু আৱেগেৰে জয় কৰিবলৈ সমৰ্থ হ’ল—তেওঁলোকৰ পৰম কাম্যভূমি ইজৰাইল। ”
উপন্যাসখনে পাঠকক নিঃসন্দেহে আপ্লুত কৰিব। বিশেষকৈ অনুবাদকৰ ভাষিক দক্ষতা আৰু ভাব-প্ৰকাশৰ মসৃণতাই ‘এক্সোডাছ’ৰ অসমীয়া অনুবাদটিক সুন্দৰতা প্ৰদান কৰিছে।
এক্সোডাছ
ননী চহৰীয়া বৰা (অনুবাদক)
পূৰ্বায়ণ প্ৰকাশন

 

লিয়ন ইউৰিচৰ বিশ্ববিখ্যাত উপন্যাস
এক্সোডাছ
অনুবাদ : ননী চহৰীয়া বৰা
দাম : ৫৯০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
বিশ্ব ইতিহাসৰ এক পাহৰিব নোৱৰা ক’লা অধ্যায় হৈছে হিটলাৰৰ ইহুদি নিধন যজ্ঞ। হিটলাৰৰ দৰে নৃশংস একনায়কে ইহুদিসকলৰ নৃগোষ্ঠীয় চাফাইৰ যি দুৰাকাংক্ষা কৰিছিল, সেই দুৰাকাংক্ষাই জাতিটোলৈ অন্ধকাৰ নমাই অনাৰ উপক্ৰম ঘটাইছিল আৰু মানুহক অৱৰ্ণীয় পীড়াৰ মাজলৈ ঠেলি দিছিল। সেয়া ইতিহাসৰ পাতত কলংকিত এক অধ্যায় হিচাপেই লিখা আছে। কিন্তু যুঁজাৰু জাতিটোৱে এই দুৰ্যোগ অতিক্ৰম কৰি এদিন নিজকে পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল আৰু ইজৰাইলৰ দৰে এখন শক্তিশালী দেশৰ প্ৰতিষ্ঠাও সম্ভৱ হৈ উঠিল। ইহুদি নিধনযজ্ঞৰ এই কলংকিত কাহিনী, ইহুদিসকলৰ পুনৰুত্থানৰ বুৰঞ্জী সামৰি লিয়ন ইউৰিচে লিখা বিশ্ববিখ্যাত উপন্যাস ‘এক্সোডাছ’ৰ সাৰ্থক অসমীয়া ৰূপান্তৰ কৰিছে ননী চহৰীয়া বৰাই। তেওঁৰ সাৱলীল ভাষা আৰু প্ৰাণস্পৰ্শী লিখনৰীতিয়ে এই উপন্যাসখনক অসমীয়া পঢ়ুৱৈৰ কাষ চপাই আনিবলৈ সক্ষম হৈছে। বিশ্ব ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়ক সামৰি লোৱা উপন্যাসখন ননী চহৰীয়া বৰাৰ অনুবাদত হৈ উঠিছে অসমীয়া সাহিত্যৰো এক অমূল্য সম্পদ।
কেৱল ইতিহাসক জনা বা বুজাৰ বাবেই নহয়, মানুহৰ যন্ত্ৰণা, সংগ্ৰাম আৰু পুনৰুত্থানৰ প্ৰেৰণাদ্বীপ্ত বুৰঞ্জীক অনুধাৱন কৰাৰ বাবেও এই উপন্যাসৰ ভূমিকা হ’ব অতুলনীয়।

এক্সেডাছ
লিয়ন ইউৰিছ
ইহুদীসকলৰ ওপৰত হিটলাৰে কৰা পাশৱিক হত্যাযজ্ঞ আৰু ইহুদী ৰাষ্ট্ৰগঠনৰ ঘটনাবহুল কাহিনীৰে সমৃদ্ধ
অনুবাদ : ননী চহৰীয়া বৰা
EXODUS : A NOVEL WRITTEN BY LEON URIS,
TRANSLATED BY : NANI SAHARIA BORA
PUBLICATION : PURBAYON
ISBN : 978-93-90919-31-4
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 683
LANGUAGE : ASSAMESE

EXODUS NOVEL WRITTEN BY LEON U...

 472.00

In stock

or
error: Content is protected !!