যুক্তিবাদী এগৰাকী লেখকৰ কলমত উদ্ভাসিত অসমৰ গৌৰৱ আলোক, আদৰ্শ-পৰম্পৰা
ড॰ পৰমানন্দ মজুমদাৰ
ব্যক্তি আৰু চেতনা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
এগৰাকী চিন্তাশীল লেখক, প্ৰগতিশীল চিন্তা-চৰ্চাৰ বাবে বিশেষভাৱে পৰিচিত ড॰ পৰমানন্দ মজুমদাৰৰ ‘ব্যক্তি আৰু চেতনা’ সমসাময়িক প্ৰসংগৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ তিনিটা খণ্ডত বিভক্ত এই গ্ৰন্থখনৰ তিনিওটা ভাগেই স্বকীয় দীপ্তিৰে সমুজ্জ্বল৷ প্ৰথম ভাগত অসমীয়া শিল্প, সাহিত্যৰ ঐতিহ্যৰ ধ্বজাবাহী কেইগৰাকীমান পুৰোধাৰ কৰ্ম আৰু আদৰ্শত নতুন জিলিঙনি পেলাবলৈ চেষ্টা কৰা লেখকে দ্বিতীয়টো ভাগত প্ৰগতিশীল চিন্তাৰ ধ্বজাবাহক কিছুসংখ্যক মহৎ লোকৰ জীৱন আৰু চিন্তাক উদ্ভাসিত কৰা হৈছে৷ ‘ধৰ্ম, সাম্প্ৰদায়িকতা আৰু এজন যুক্তিবাদী অসমীয়া হৰেন্দ্ৰনাথ শৰ্মা,’ ‘হেমচন্দ্ৰ বৰুৱা ঃ গো-মাংস, কুসংস্কাৰ আৰু হিন্দুত্বৰ ‘গৌৰৱ’’, ‘গো আৰু ৰাজনীতি’ আদিৰ দৰে লেখাৰ জৰিয়তে লেখকে তেওঁৰ তীক্ষ্ণ সমাজবীক্ষা আৰু প্ৰগতিশীল চিন্তাৰ নিদৰ্শন তুলি ধৰিবলৈ সক্ষম হৈছে৷ তৃতীয় ভাগত আন কেইগৰাকীমান বৰেণ্য অসমীয়াৰ জীৱনালোকৰ সন্ধান কৰা লেখকৰ পাহাৰৰ ৰ’দ লেখাটো গ্ৰন্থখনৰ এক বিশিষ্ট সংযোজন৷

BYAKTI ARU CHETONA BY DR. PARA...

Original price was: ₹ 250.00.Current price is: ₹ 200.00.

In stock

or
error: Content is protected !!