‘নিৰ্ভাবনা’‌— প্ৰগাঢ় ভাবনাৰে ঋদ্ধ এমুঠি কবিতা।
এই ভাবনা কেতিয়াবা জীৱনক লৈ, কেতিয়াবা ভালপোৱাক লৈ।বুজা-নুবুজাৰ মাজত দুদোল্যমান এই জীৱনৰ বহু কথা বুজিবলৈ যিদৰে সহজ নহয়; বহু কথা আকৌ অসহজ নুবুজাকৈ থাকিবলৈ। কবি বৰ্ণালী বড়াই সেয়ে কৈছে–
“সহজতো নহয় জীৱনক বুজি থকা
সহজতো নহয় ভালপোৱাক নুবুজি থকা”
কবিতাবোৰ যেন কবিৰ আত্মাৰ অনুৰণন; অন্তৰ্মুখী কিছু সুগভীৰ উপলব্ধি! অথবা সময় আৰু জীৱনৰ সমুখত কৰা অসহায় আত্মসমৰ্পণ। আৰু এনেদৰেই বেছিভাগ কবিতাৰে মূল সুৰ হৈ পৰিছে বিষাদ, যন্ত্ৰণা আৰু কৰুণতা; অথচ তাৰ মাজেৰেই বিয়পি পৰিছে শব্দ আৰু ভাবনাৰ স্নিগ্ধ সুন্দৰতা।
জীৱনৰ কথা কওঁতে প্ৰেমক এৰাই চলিব নোৱাৰি; যিদৰে প্ৰেমৰ কথা কওঁতে শূন্যতাক। কবিৰ বোধেৰে প্ৰেম আৰু শূন্যতা যেন পৰস্পৰৰ পৰিপূৰক; অথবা শূন্যতা প্ৰেমৰেই নামান্তৰ—
“সকলো হেৰুওৱাৰ পাছৰ শূন্যতাবোৰত প্ৰেম
ছাই হোৱা চহৰখনৰ নীৰৱতাবোৰত প্ৰেম
প্ৰেমৰ আৰুনো কি সংজ্ঞা আছে শূন্যতাৰ অবিহনে
কি ভাষা আছে নীৰৱতাৰ বাদে”
এক ব্যাখ্যাহীন বিষণ্ণতাবোধে কবিতাবোৰক ছানি ৰাখিছে; সেয়া লাগিলে হওক বিস্মৃতি অথবা স্মৃতিকাতৰতা; নতুবা সময়ৰ সোঁতত হেৰাই যোৱা জীৱনৰ ৰং আৰু মধুৰতা। সুৰুঙা পালেই কবি-মনে ঢাপলি মেলিছে অতীতলৈ, এৰি থৈ অহা গাঁওখনলৈ। শৈশৱৰ স্মৃতি সুঁৱৰি কবিয়ে নিজকেই যেন সুধিছে—
“ক’তনো শুনিম আৰু তাহানিৰ সেই ধান জৰা কুলাৰ সুৰীয়া ধাপলি
ক’ত থৈ যাম ল’ৰালিৰ এচোতাল ৰ’দালি
আৰু ধান জিৰজিৰ আঘোণ তোক!”
সৰল, নিভাঁজ গাঁৱলীয়া জীৱনৰ প্ৰতি কবিৰ এক প্ৰচণ্ড আকুলতা প্ৰায়কেইটা কবিতাতে অনুভূত হয়; য’ত সজীৱ আৰু জীপাল হৈ উঠিছে গাঁৱৰ পথাৰ, পাহাৰ, নৈ, হাবিয়নী অথবা মৈ দিয়া মাটি—
“চেলাপেটী জোকে সাৱতা দুপৰ এটাত
গছকিছোঁ মৈ দিয়া মাটি
পানী জাপি শুৱনি মোৰ গাঁৱৰ চহোৱা পথাৰ
বৰষুণত তিতা বেলি”
জীৱন-জগতৰ প্ৰতি পুহি ৰখা অনন্ত ভাবনাৰ অন্তত নিৰ্ভাবনাৰ স্তৰত উপনীত হৈ কবি সুখী হ’ব বিচাৰিছে, পাহৰণিৰ আশ্ৰয়ত ভাবশূন্য হৈ আনকো সুখী কৰিব বিচাৰিছে–
“আঃ পাহৰণি
কি পাহৰি সুখী হ’ব পাৰি
কি পাহৰি আনক সুখী কৰিব পাৰি
নিৰ্ভাবনা মানেতো মৃত্যু নহয়। ”
কবিয়ে কোৱাৰ দৰে নিৰ্ভাবনা মানে মৃত্যু নিশ্চয় নহয়; অথচ মানুহক সঞ্জীৱিত আৰু ক্ৰিয়াশীল কৰি ৰাখে ভাবনাই। আৰু তেনে ভাবনাৰেই সিক্ত কবিতাবোৰ ‘নিৰ্ভাবনা’ৰ কবিগৰাকীৰো আত্মিক অভিব্যক্তি; যাৰ বিষয়ে অনুভৱ তুলসীয়ে কৈছে–
“… মাটি খামুচি দুপতীয়াৰ দেওনা পাৰ হৈ বনবিৰিখ হ’ব বিচৰা কিছু বোধ, কিছু বিষণ্ণতা, কিছু নিঃসংগতা, কিছু আকূতি, কিছু আৰ্ত্ত-আনন্দ‌—আৰু বহু বৰ্ণচ্ছটাৰ সতে একাত্ম হ’ব খোজে ৰসিক-সজ্জন। বৰ্ণালী বড়াৰ আত্মিক অভিব্যক্তিয়ে এনে এক খিৰিকীমুখলৈ বিনম্ৰ নিৱেদনেৰে পঢ়ুৱৈ সমাজক হাতবাউলে। “

Nirbhabana by Bornali Borah নি...

Original price was: ₹ 180.00.Current price is: ₹ 153.00.

Out of stock

error: Content is protected !!