গভীৰ জীৱনবোধ আৰু জীৱনমুখিতাৰ গভীৰতম বিন্দুত কৰা আৱাহন
চন্দনা পাঠকৰ
পান্থশালা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
জনপ্ৰিয় গল্পকাৰ, গীতিকাৰ, কবি চন্দনা পাঠকৰ ‘পান্থশালা’ পঢ়ুৱৈৰ বাবে এক মনোমুগ্ধকৰ ছাৰপ্ৰাইজৰ দৰে৷ লেখাৰ জৰিয়তে জীৱনৰ সৰলতম ৰূপ আৰু সৌন্দৰ্যৰ সন্ধান কৰি অহা এইগৰাকী লেখিকাই এই উপন্যাসতো জীৱনক নতুন আলোকেৰে উদ্ভাসিত কৰি তোলাৰ চেষ্টা কৰিছে৷ স্বৰূপাৰ্থতে ‘পান্থশালা’ গভীৰ জীৱনবোধ আৰু জীৱনমুখিতাৰে জীৱনৰ গভীৰতম বিন্দুত কৰা অৱগাহন৷ ‘পান্থশালা’ প্ৰকৃততে প্ৰেমৰ সুতীব্ৰ অনুভূতিৰ অসাধাৰণ বহিঃপ্ৰকাশ৷ উপন্যাসখনত আছে মন-মগজু জোকাৰি যোৱা অলেখ প্ৰশ্ন, যিবোৰ নিজৰ অজ্ঞাতেই আমি প্ৰত্যেকেই নিজৰ মাজত কঢ়িয়াই ফুৰিছোঁ৷ ঔপন্যাসিকে মাথোঁ কাহিনী আৰু চৰিত্ৰৰ মাজেৰে আমাক নিজৰ সৈতে মুখামুখি কৰোঁৱাইছে৷ সেইবাবেই উপন্যাসখনক প্ৰতিজন পঢ়ুৱৈৰে আত্মকথন অথবা আত্ম-অন্বেষণ আখ্যা দিব পাৰি৷ এই সাৰ্বজনীনতা আৰু সামূহিক আৱেগ-উপলব্ধিৰ মূৰ্ত প্ৰতিৰূপ হিচাপে উপন্যাসখনক গঢ় দিবলৈ সক্ষম হোৱাটোতে ঔপন্যাসিক চন্দনা পাঠকৰ সাৰ্থকতা। উপন্যাসখনৰ সাফল্য, জনপ্ৰিয়তাৰ গুপুত মন্ত্ৰও তাতেই নিহিত হৈ আছে৷ এই উপন্যাসৰ পাঠে প্ৰতিগৰাকী পঢ়ুৱৈকে নিজৰ সৈতে মুখামুখি হোৱাৰ এক অন্তৰতম অনুভূতি প্ৰদান কৰিব।

“… ক্ষণিকৰ বাবে হ’লেও সেয়া হয়তো প্ৰেমেই আছিল। নহ’লেইবা প্ৰেম। কি আহে কি যায়! টান এটাতো আছিল! এই টানৰ বাবেই আমি নিজকে হেৰুৱাওঁ… হয়তো আনৰ মাজত পুনৰ নিজকেই বিচাৰি পাবলৈ!… “
চন্দনা পাঠকৰ এখনি মননশীল উপন্যাস–‘পান্থশালা’; প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
‘পান্থশালা’- প্ৰচণ্ড জীৱনবোধ আৰু জীৱনমুখিতাৰে জীৱনৰ গভীৰৰ পৰা গভীৰতম বিন্দুত কৰা অৱগাহন। তেজ-মঙহৰ শৰীৰ এটাৰে সৈতে উশাহ-নিশাহ লৈ স্বাভাৱিকভাৱে জী থাকিও মানুহবোৰে নতুনকৈ আকৌ জীৱন বিচাৰি ফুৰে, জীয়াই থাকিব পৰাকৈ নিচাৰ সন্ধান কৰে, সৰ্বতোদিশেৰে সম্পূৰ্ণ হৈ থাকিও জীৱনৰ অন্তঃসাৰশূন্যতাক উপলব্ধি কৰি অস্থিৰতাত ভোগে। আৰু মুক্তি পাবলৈকে যেন অহৰহ প্ৰেমেই বিচাৰি ফুৰে!
‘পান্থশালা’ প্ৰকৃততে প্ৰেমৰ সুতীব্ৰ অনুভূতিৰ অসাধাৰণ বহিঃপ্ৰকাশ! উপন্যাসখনত আছে মন-মগজু জোকাৰি যোৱা অলেখ প্ৰশ্ন; যিবোৰ নিজৰ অজ্ঞাতেই আমি প্ৰত্যেকেই নিজৰ অভ্যন্তৰত কঢ়িয়াই লৈ ফুৰিছোঁ। ঔপন্যাসিকে মাথোঁ কাহিনী আৰু চৰিত্ৰৰ মাজেৰে আমাক নিজৰ সৈতে মুখামুখি কৰোৱাইছে। নিজৰেই চেতনাত বিশৃংখলভাৱে পাকঘূৰণি খাই থকা বহু কথাৰে জীৱনৰ সৈতে যেন নতুনকৈ পৰিচয় কৰাই দিছে! ক’ব পাৰি, উপন্যাসখন যেন প্ৰতিজন পাঠকৰেই আত্মকথন অথবা আত্ম-অন্বেষণ!
‘পান্থশালা’– কোনোবাখিনিত কাব্যিক; কোনোবাখিনিত গল্পিক; কোনোবাখিনিত গীতিময়। পাঠকৰ হৃদয় উদ্বেলিত কৰিব পৰাকৈ মৰ্মস্পৰ্শী আৰু বাংময়।
’পান্থশালা’…জীৱনৰ টুকুৰা-টুকুৰ গল্পৰ সমষ্টি ৷ প্ৰতিটো গল্পই বহন কৰিছে একো একোটা দাৰ্শনিক সত্তা, দাৰ্শনিক সত্য ৷
পান্থশালা
চন্দনা পাঠক
পূৰ্বায়ণ প্ৰকাশন

PANTHASALA – NOVEL WRITT...

Original price was: ₹ 280.00.Current price is: ₹ 224.00.

In stock

or
error: Content is protected !!