পল হাৰ্ভেৰ ‘দ্য ৰেষ্ট অব্ দ্য ষ্টৰী’ৰ ‘ৱাশ্বু’ নামৰ পিঞ্জৰাবদ্ধ চিম্পাঞ্জী এজনীৰ বন্দিত্বৰ মৰ্মবেদনা উপলব্ধি কৰি লেখকে কৈছে— “… পৃথিৱীৰ প্ৰতিটো প্ৰাণীৰে জীৱন হয়তো মূলতঃ দুটি অনুৰাগৰ দ্বাৰাই পৰিচালিত হয়—প্ৰেম আৰু স্বাধীনতা—Longing for Love and Freedom. ”
প্ৰেম আৰু স্বাধীনতাৰ অনুৰাগেৰে পৰিচালিত হ’লেও জীৱনটো জীয়াবৰ বাবে নিৎসেই কোৱাৰ দৰে মানুহক এটা ‘কাৰণ’ লাগে, “He who has a Why to live for can bear almost any How–জীয়াই থাকিবৰ বাবে এটা ‘কিয়'(Why) বা কাৰণৰ যি সন্ধান পায়, তেওঁৰ বাবে সকলো সহনীয় হৈ উঠে। কেনেকৈ—কেনেকৈ–How–এই কথাটো গৌণ হৈ পৰে।” এই ‘কিয়’ৰ উত্তৰ বা সন্ধানপ্ৰাপ্তিৰে বিশ্বৰ অগণন বৰেণ্য ব্যক্তিয়ে আমাক দি থৈ গৈছে যিকোনো অপ্ৰাপ্তি বা বেদনা সাৱটি জীয়াই থকাৰ গোপন মন্ত্ৰ।
শ্যেলী, উইল ডুৰাণ্ট, নেৰুডা, লিঅ’নাৰ্ড ভিন্সি,আঁদ্ৰে মৰোৱাৰ পৰা জন ব্ৰাউনলৈকে এনে বহুকেইগৰাকী বিশ্বপ্ৰসিদ্ধ ব্যক্তিৰ জীৱনৰ অনুপ্ৰেৰণামূলক কাহিনীৰে অৰ্ণৱ শইকীয়াৰ ‘বনৰীয়া গোলাপৰ সুবাস’ এলানি জীৱনমুখী আৰু প্ৰজ্ঞাদীপ্ত ৰচনা; য’ত আছে প্ৰবল আশাবাদ, অসীম সম্ভাৱনা আৰু সপোনেৰে জীৱনক উদ্দীপিত কৰি তুলিব পৰা বহুতো মনোৰম কথা।
গ্ৰন্থখনত সন্নিৱিষ্ট এই কাহিনীবোৰে আমাক কৈছে‌— জীৱনে অৱধাৰিতভাৱে মুখামুখি কৰোৱা প্ৰতিকূলতা আৰু প্ৰতিবন্ধকতাৰ মাজতো মানুহ অটল অবিচল হৈ ৰ’ব পাৰে, ধুমুহাৰ মাজতো সুস্থিৰ হৈ ৰ’ব পাৰে বটবৃক্ষৰ দৰে। জড়তা অথবা অস্থিৰতাৰ মাজতো জীৱনক সজীৱ তথা নিয়ন্ত্ৰিত আৰু সুসংহত কৰি ৰাখিব পাৰি। তাৰ বাবে মানুহক লাগে ধৈৰ্য্য, আত্মবিশ্বাস, দায়িত্ববোধ, ধনাত্মক চিন্তাধাৰা অথবা সুদৃঢ় মানসিক শক্তি।
জীৱনৰ বাবে লাগতিয়াল এনেবোৰ উপাদান আহৰণ কৰিব পাৰি ‘বনৰীয়া গোলাপৰ সুবাস’ৰ পৰা; নিজৰ অস্থিৰতাক ৰোগ বুলি স্বীকাৰ কৰি লৈ সেই ৰোগেৰেই জীৱনক গতিশীল কৰি ৰখা হেলেন উইলছৰ জীৱনৰ পৰা। নতুবা পত্নীৰ মৃত্যুৰ বিৰহত উন্মাদ হৈও কেৱল সন্তানৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই নিজ কৰ্মৰে জীৱনক পুনৰুজ্জীৱিত কৰি তোলা কবি হেনৰি ৱৰ্ডচৱৰ্থ লংফেলোৰ জীৱনৰ কাহিনীৰে উদ্বুদ্ধ হৈও গাব পাৰি জীৱনৰ জয়গান।
এফালে প্ৰচণ্ড জীৱনবোধ অথবা জীৱনমুখিতা; আনফালে সুগভীৰ মৃত্যুচেতনা— জীৱনৰে সৈতে সংপৃক্ত হৈ থকা দুয়োটা দিশকে লেখকে অৰ্থপূৰ্ণভাৱে উপস্থাপন কৰিছে। এখন ৰচনাত এনেদৰেই দিয়া হৈছে মিছেছ মিলাৰ নামৰ মহিলা এগৰাকীৰ কণমানি মৃত সন্তানটিৰ সমাধিত ৰৈ আৰ জি ইংগাৰচলে দিয়া বক্তৃতাটোৰ উদ্ধৃতি‌—
“সমাধিটো জীৱনৰ শেষ ঠাই নে আন কোনো জীৱনলৈ কৰা যাত্ৰাৰ দুৱাৰমুখ, আমি নাজানো। কিন্তু মৃত্যু মানেই ঈপ্সিত জিৰণি আৰু চিৰন্তন শান্তিৰ ঠাই। অন্যহাতেদি মৃতসকল কেতিয়াও কোনো যন্ত্ৰণাত পিষ্ট নহয়। আমাৰ ধৰ্ম হ’ব লাগে–জীৱিতসকলৰ প্ৰতি সহায় আৰু মৃতসকলৰ প্ৰতি আশা–Help for the living, hope for the dead”–শোকাৰ্তজনৰ বাবে ইয়াতকৈ শক্তিশালী প্ৰবোধ-বাণী আৰু কিয়েইবা হ’ব পাৰে!”
সকলো যাতনা, হা-হুমুনিয়াহ, ক্লান্তি, অপ্ৰাপ্তিৰ শেষতো জীৱনৰ প্ৰতি অদম্য আশা জগাই তুলিব পৰা কাহিনীৰ সমাহাৰ ‘বনৰীয়া গোলাপৰ সুবাস’ অৱশ্যেই এখনি সুখপাঠ্য গ্ৰন্থ। লেখকৰ অধ্যয়নৰ ব্যাপ্তি তথা চিত্তাকৰ্ষক কাহিনী-কথন আৰু গদ্যশৈলীয়েও পঢ়ুৱৈক মুগ্ধ কৰিব
বনৰীয়া গোলাপৰ সুবাস
অৰ্ণৱ শইকীয়া
পূৰ্বায়ণ প্ৰকাশন
দাম ২২০ টকা

Bonoriya Golapor Subas by Arna...

Original price was: ₹ 220.00.Current price is: ₹ 187.00.

Out of stock

error: Content is protected !!