সৰাফুল
*******
কৌশিক নন্দন বৰুৱা
অৱশেষত প্ৰেছৰ পৰা ওলাল “সৰাফুল”। এইবাৰ সৰাফুলে কথা ক’ব। সৰাফুলে ক’ব হেৰোৱা মানুহৰ কথা, অকলশৰীয়া ৰাতিৰ উচুপনিবোৰৰ কথা। সৰাফুলে ক’ব ৰাধাকৃষ্ণৰ কথা, মহাদেৱ-গৌৰীৰ কথা। সৰাফুলে ক’ব হতাশাৰ কথা, নিজক শেষ কৰা বাসনাৰ কথা। সৰাফুলে ক’ব প্ৰথম প্ৰেমৰ অনুভৱৰ কথা, হাতখন শেষলৈকে ধৰি ৰখা বন্ধুত্বৰ কথা। সৰাফুলে ক’ব নিজক মজবুত কৰাৰ কথা, নিজক ভালপোৱাৰ কথা। আৰু লগতে সৰাফুলে ক’ব, সন্ধ্যা-অনুৰণৰ কথা, ময়ূৰ-ৰাধাৰ কথা। সৰাফুল উপন্যাস নহয়, কিন্তু সৰাফুলৰ ক’ব আপোনাৰ, মোৰ হেজাৰ নিঃসংগ বুকুৰ গোপন উপন্যাসৰ কথা। আপুনি শুনিব নে সৰাফুলৰ কথাবোৰ?

#কৌশিক_নন্দন_বৰুৱাৰ #নিৰিবিলি আৰু #সৰাফুল ৰ বতৰা
অংশুমালা দেৱী
লেখনিৰ আৰম্ভণিতে #মণিকূট_প্ৰকাশন ৰ ফালৰ পৰা সমূহ পঢ়ুৱৈলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ????।
“নিৰিবিলি”ৰ জনপ্ৰিয়তাৰ কথা আজি আৰু নতুনকৈ ক’বলগীয়া নাই। আজি এবছৰে সংস্কৰণৰ পিছত সংস্কৰণ ওলাই প্ৰমান কৰি দিছে এই মুহূৰ্তলৈ একেথকা “নিৰিবিলি”ৰ জনপ্ৰিয়তা।
এইবাৰ আহোঁ কৌশিক নন্দনৰ হৃদয়ৰ পৰশত ফুলি উঠা “সৰাফুল” কিতাপখনৰ বিষয়ে। “সৰাফুল” হাতত লৈ কিছুপৰ ভাবি থাকিবলৈ বাধ্য হৈছোঁ,কি আছে এই কিতাপখনত! হেজাৰ হেজাৰ পঢ়ুৱৈৰ ইমান অপেক্ষা….! অকল কিতাপেই নহয় লেখকগৰাকীলৈও পঢ়ুৱৈৰ ইমান গভীৰ মৰম আৰু আগ্ৰহ দেখি অভিভূত নহৈ নোৱাৰিছোঁ। প্ৰথম সংস্কৰণ এদিনতেই শেষ। দুঘন্টাৰ ভিতৰতে ৫০০কপি কিতাপৰ বুকিং শেষ।
আজিলৈকে ২তাৰিখৰ অৰ্দাৰৰ কিতাপ সমূহে দি শেষ কৰিব পৰা নাই। গ্ৰন্থমেলা চলি আছে। কিতাপৰ বিপণীসমূহ আছে,সকলোকে সংখ্যাত কমকৈ হ’লেও দিব লগা হৈছে।নিৰাশ আমি কাকো কৰিব নোৱৰো। দ্বিতীয়, তৃতীয় সংস্কৰণ আহি আছে। দুদিনৰ ভিতৰত সকলোৱে পাব।
ফোনত সকলোৰে পৰা সময় লৈছোঁ।
ফোনটো উঠালেই এটাই কথা,
” জানেই নহয় বাইদেউ,কৌশিকদাৰ কিতাপ, যেনেকৈ নহওক পাবই লাগিব। মোক এখন যেনেতেনে দিয়ক।”
ৰঙিয়াৰ পৰা বাইক লৈ দৌৰি আহিল প্ৰথমে এখন,পিছত আকৌ এখন ল’লে। কোনোবাই প্ৰেছৰ মালিকক যোৰ কৰি দহ কপিৰ পইচা দি থৈ যায়। কিমানজন যে আহি আহি আমাৰ ঘৰ ওলাল।কিছুমানে ফোনতে আৰম্ভ কৰে- “কিমান আশাৰে বাটচাই আছোঁ বাইদেউ কৌশিক ছাৰৰ লেখাৰ বাবে, কিতাপখন ওলোৱা খবৰ পাই লগে লগে ফোন কৰিছোঁ। ‘নিৰিবিলি’খন বৰ মৰমেৰে ৰাখিছোঁ। এবাৰ ছাৰক লগ পাবৰ বৰ মন আছিল। মোক লগ কৰি দিব বাইদেউ।” গ্ৰন্থমেলালৈ আহিলে কৌশিকক লগ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলোঁ। কোনোবাই আকৌ নিজৰ প্ৰেয়সীক উপহাৰ দিব,কোনোবাই মাকৰ জন্মদিনত উপহাৰ দিব। কিমানৰ যে কিমান কথা! এইমাত্ৰ এজনৰ ভাগৰত মাতে ভালকৈ ওলোৱা নাই, তেওঁ ফোনত জনালে,
“জানেই নহয়, কৌশিকদাৰ কিতাপ,মই আজি অলপৰ কাৰণে নাপালোঁ, কাইলৈ আকৌ যাম,দূৰত থাকোঁ মই গৈ পোৱালৈকে একপি যেনেতেনে ৰাখিব দেই। ৰাখিব কিন্তু।”
আনৰ কথা কিনো ক’ম, আমাৰ নিজৰ ছোৱালীজনীয়ে মোক কয়- ” মা কিতাপ শেষ হ’ব, মই এখন ৰাখি থ’লোঁ দেই। মোৰ নিজৰ পঢ়াৰ মাজে মাজে এইখন অলপ পঢ়ি যাম।কিতাপখন পঢ়ি কিবা উৎসাহ এটি আহিছে মনলৈ। অলপ পঢ়িয়েই মোৰ কিবা ভাল লাগিল কিতাপখন।”
ইয়াতকৈ বেছিনো আৰু কি লিখিম! যিলিখিলোঁ মনৰ আনন্দতে লিখিলোঁ। সুখৰ বতৰাবোৰ আপোনালোকৰ লগত ভাগ কৰিলোঁ।
প্ৰেছৰ পৰা কিতাপ উলিয়ায় ঘৰৰ মুখ নেদেখে কিতাপে। ডাকযোগে দিবলৈ অনাকেইখনো কেনেবাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ,তাৰ মাজতে কেনেবাকৈ গম পাই হাতে ভৰি ধৰিবলৈ বাকী,যোৰ কৰিয়েই এখন হ’লেও লৈ যায়। আমিও দিবলৈ বাধ্য।যাক যেনেকৈ পাৰিছোঁ আমি সুখী কৰিবলৈ অন্তৰেৰে চেষ্টা কৰিছোঁ। কিতাপলৈ,কিতাপৰ স্ৰষ্টাজনলৈ ইমান গভীৰ মৰম দেখি নিজকেই আমি ধন্য মানিছোঁ।
কিতাপৰ বতৰ।প্ৰেছতো একেই ধুমুহা। মণিকূটৰ বেছিভাগ কিতাপৰে দ্বিতীয়, তৃতীয়,চতুৰ্থ এনেকৈ সংস্কৰণ লগা হৈছে। নিৰিবিলি দুই এদিনতে অষ্টম সংস্কৰণৰ মুখ দেখিব। যিদৰে মাকৰ বাবে প্ৰতিটো সন্তান মৰমৰ, সেইদৰে আমাৰ বাবেও সকলো কিতাপ সমান। পাঠকৰ আগ্ৰহকো আমি সমানে গুৰুত্ব দিব বিচাৰোঁ। যদি কিবা কিতাপ পঠিয়াওতে প্ৰয়োজনতকৈ দুদিন পলম হৈছে,কোনেও যেন খং নকৰে। আমাৰ গভীৰ বিশ্বাস পঢ়ূৱৈসমাজ আমাৰ লগত আছে।আপোনালোকৰ সঁহাৰিয়েই আমাৰ সম্পদ।

SARAFUL BY KAUSHIK NANDAN BARU...
or
error: Content is protected !!