“সোঁত সদায় সলনি হয় বাবেই
নদী সদায় নদী
তুমি তুমি হৈ থকা নাই বাবেই
মোৰ বাবে এতিয়া মাথোঁ স্মৃতি
নদীৰ দৰে সদায় সলনি হৈও
তুমি সদায় তুমিয়ে হৈ থকা হ’লে ”
কুশল দত্তৰ ইতিপূৰ্বে প্ৰকাশিত পাঁচখন কাব্য-পুথিৰ পৰা স্ব-নিৰ্বাচিত কবিতাৰ এটি মেটমৰা সংকলন —“‍অলপ এবছাৰ্ড”। ৯৬ টি কবিতা সহিতে সুদীৰ্ঘ পাতনি আৰু কবিগৰাকীৰ কবিতা সন্দৰ্ভত বিভিন্ন ব্যক্তিৰ আলোচনামূলক মন্তব্য সংযোজিত গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
বিশিষ্ট লেখক তথা সমালোচক দেৱভূষণ বৰাই কুশল দত্তৰ কবিতা সম্পৰ্কে মত প্ৰকাশ কৰিছে যে—
“দত্তৰ কবিতাত সামাজিক-ৰাজনৈতিক চেতনাৰ বৃহৎ অনুৰণন নাই। অশান্তিজৰ্জৰ অসমৰ দুখত কবি ম্ৰিয়মাণ হোৱা নাই। কোনো বিশেষ বাদৰ দ্বাৰা তেওঁ প্ৰভাৱিত বুলি ক’ব পৰা নাযায়। সামাজিক অসমতাৰ প্ৰতিও তেওঁ প্ৰতিবাদমুখৰ নহয়। বিপ্লৱ, তেজ আদি অভিব্যক্তিৰ পৰা তেওঁ প্ৰায় মুক্ত। তথাপি সাম্প্ৰতিক সময় আৰু সমাজৰ প্ৰতি তেওঁ সংবেদনশীল নহয় বুলি আমি ক’ব নোখোজোঁ। সতেজ ভংগিমাৰে মাজে -সময়ে তেওঁ চৌপাশৰ ঘটনাপ্ৰৱাহ পৰ্যবেক্ষণ কৰিছে —
“চাৰিওফালে বেৰি মাখি এটাও ওলাব নোৱৰাকৈ ঘেৰি
পগলা কুকুৰক হানি-খুঁচি মৰাৰ নিচিনাকৈ চকুৰ আগতে
থকা-সৰকাকৈ সিহঁত সাতটাক গুলীয়াই মাৰিলে ”
কবিগৰাকীৰ ভাষা, বিষয়বস্তু সম্পৰ্কেও তেওঁ কৈছে যে,
“প্ৰখৰ আত্মচেতনা, কথ্য ভাষাৰ সুচতুৰ প্ৰয়োগ, অভিনৱ বিষয় নিৰ্বাচন আৰু এক পৰীক্ষামূলক বাক্ ভংগীৰে অসমীয়া কবিতাত প্ৰতিষ্ঠাপন কৰিছে নিজস্ব সুৰ। প্ৰাত্যহিকতাৰ আৱৰণ ভেদি অসমীয়া কবিতাত ন -দীপ্তি ঢালিবলৈ দত্ত যত্নপৰ হৈছে। ”
অলপ এবছাৰ্ড
কুশল দত্ত
পূৰ্বায়ণ প্ৰকাশন

 

অলপ এবছাৰ্ড
কুশল দত্ত
স্বনিৰ্বাচিত কবিতা 1997-2014
ALOP ABSURD : SWANIRBACHITA KABITA 1997-2014
A COLLECTION OF SELECTED POEMS IN ASSAMESE BY KUSHAL DUTTA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-08-5
প্ৰথম প্ৰকাশ : অক্টোবৰ 2021
PAGES : 256
LANGUAGE : ASSAMESE

ALOP ABSURD POEMS BY KUSHAL DU...

Original price was: ₹ 260.00.Current price is: ₹ 208.00.

In stock

or
error: Content is protected !!