“নিৰ্জন পাহাৰৰ মন্দিৰৰ এক ঘণ্টাত
এডাল এৱাঁ সূতাৰে বান্ধি থৈছা মোক
আৰু তুমি
উৰি ফুৰিছা
পশ্চিমৰ পৰা অহা বতাহত
ঘণ্টাটো কঁপি উঠিছে
বাৰিষাৰ প্ৰথমজাক বৰষুণৰ দৰেই
মই পৰিছোঁ
ঘাঁহনিৰ বুকুত”
সাহিত্য অকাডেমী যুৱ বঁটা আৰু মুনীন বৰকটকী বঁটা প্ৰাপ্ত কবি বিজয় শংকৰ বৰ্মনৰ নৱতম কাব্যপুথি “আমাৰ প্ৰেমত দেখোন কবিতা নাই, আই গোসাঁনী” প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। উল্লেখযোগ্য যে, এই গ্ৰন্থখনত বৰ্মনৰ আটাইখিনি প্ৰেমৰ কবিতা সংকলিত হৈছে।
কবিৰ মনোৰম কথনভংগীয়ে পাঠকৰ ভাবনাক জোকাৰি যায়। কবিতাসমূহৰ মাজেৰে প্ৰস্ফুটিত প্ৰেমৰ সৰলতায়ো পাঠকক মুগ্ধ কৰে। তদুপৰি পঢ়়ুৱৈৰ চেতনাত মৃদু লহৰ তুলিব পৰাকৈ কবিতাসমূহত অন্তৰ্নিহিত ভাবনাও বুদ্ধিদীপ্ত আৰু ব্যঞ্জনাময়।
গ্ৰন্থখনৰ শীৰ্ষ কবিতাটোৰ বিষয়ে বিশিষ্ট সমালোচক অভিজ্ঞান অনুৰাগে এনেদৰে কৈছে –
For my guess, it’s not a rendering on highest manifestation of love alone, it is, beyond love, a feeling too denoting an idea that there’s nothing big under the Sun. Body seems to be here bearing a reality amidst agonies…
আই গােসাঁনী
এই আছাভুৱা সময়বােৰৰ কাৰণেই
পাহৰি থাকিম
যুৰীয়া শিমলুৰ জুই পলাশৰ পদ্য
আই গােসাঁনী,
কেকটাছৰ কাঁইট আৰু তাৰ ৰঙা ফুলটোৰ
খাপছাৰা শূন্যতাত
বগাই যায় আমাৰ অমৰলতা
তেজত তিতা মেঘৰ আকাশত
ওলােটাকৈ চিতা সাজে
আনখন পৃথিৱীৰ গিয়াতিয়ে
শিখাৰ আঙুলিয়ে
বিচাৰি ফুৰে
টিনবােৰৰ তলৰ মূধচৰ তলৰ
পােহৰ-পাটৰ বিছনাখন
ব্রহ্মাণ্ডৰ কৰুণতম উচুপনিটোৱে
কোটোহাৰ কাঁইটেৰে বান্ধে
তােমাক আৰু মােক
তেজৰ মিলন হয়
আমাৰ প্রেমত দেখােন কবিতা নাই,
আই গােসাঁনী
ৰ’দত
গামােচাৰে আছাৰা তােমাৰ তিতা চুলিৰ গােন্ধত
নে
ৰাতি
কঁচুপাতত ধৰি থােৱা নিয়ৰৰ টোপালত
আমাৰ পুতি থােৱা পখিলাৰ
ফাহাফুহা মেল
কবিতাটো ক’ত, আই গােসাঁনী
———–x———
আমাৰ প্ৰেমত দেখোন কবিতা নাই, আই গোসাঁনী
বিজয় শংকৰ বৰ্মন
পূৰ্বায়ণ প্ৰকাশন

 

আমাৰ প্ৰেমত দেখোন কবিতা নাই আই গোসাঁনী
বিজয় শংকৰ বৰ্মন
AAMAAR PREMOT DEKHON KOBITA NAI, AAI GOSAANEE : A COLLECTION OF LOVE POEMS IN ASSAMESE BY : BIJOY SANKAR BARMAN
PUBLICATION : PURBAYON
ISBN : 978-93-92699-80-1
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 84
LANGUAGE : ASSAMESE

AAMAAR PREMOT DEKHON KOBITA NA...

Original price was: ₹ 150.00.Current price is: ₹ 120.00.

In stock

or
error: Content is protected !!