নতুন প্ৰকাশভংগীৰে সমসাময়িক জীৱনৰ তাৎপৰ্য আৱিষ্কাৰৰ সফল প্ৰচেষ্টা
ধীমান বৰ্মনৰ
মৰি যাবওতো পাৰোঁ
দাম : ১৬০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
‘নীৰৱে নিজকে’ কাব্যগ্ৰন্থৰ জৰিয়তে সবলভাৱে আত্মপ্ৰকাশ কৰা ধীমান বৰ্মনৰ কাব্যযাত্ৰাৰ পৰ্বান্তৰৰ প্ৰতিনিধি ‘মৰি যাবওতো পাৰোঁ’৷ সাম্প্ৰতিক সময়ৰ এগৰাকী শক্তিশালী কবি ধীমান বৰ্মনে এই সংকলনৰ কবিতাবোৰৰ জৰিয়তে নিজৰ পৰা সমূহলৈ চোৱাৰ সফল প্ৰয়াস চলাইছে৷ শ্লেষ আৰু পৰিহাস, সহজ প্ৰকাশভংগীৰ মাজতে শব্দ ব্যৱহাৰত মাজে মাজে একোটা আকস্মিক উন্মোচনে পঢ়ুৱৈক চমকিত কৰে৷ অসমীয়া কবিতাই সৃষ্টি কৰা নব্য নতুন বাটবোৰৰ অন্যতম এটা বাট ধীমান বৰ্মনৰ কবিতাই উন্মোচন কৰিছে আৰু পঢ়ুৱৈক সাৰ্থক কবিতা পঢ়াৰ অনন্য আনন্দৰ সোৱাদ দিবলৈ সক্ষম হৈছে৷

“সপোনৰ ভিতৰতো চহৰখনেই আছে
দিঠকৰখনতকৈ বহুগুণে সুশৃংখল
অথচ সপোনৰ চহৰৰ কোনোবা গলিত
ময়েই হৈ পৰিছোঁ
ঠিকনাবিহীন চিঠি এখনৰ স’তে
বিপাঙত পৰা ডাকোৱাল “
(ছেমি আৰ্বান)
“মৰি যাবওতো পাৰোঁ” —ধীমান বৰ্মনৰ তৃতীয় কাব্যগ্ৰন্থ। প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
নৱপ্ৰজন্মৰ কবিসকলৰ ভিতৰত ধীমান বৰ্মনৰ কবিতাই পাঠক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশিষ্ট কবি-সাহিত্যিক তথা সমালোচক হৰেকৃষ্ণ ডেকাই লিখিছে—
“… কেইটামান কবিতা পঢ়িয়েই মোৰ ধাৰণা হৈছে যে, এই শতিকাৰ বিগত দুটা দশকত যিকেইজন তৰুণ কবিয়ে প্ৰকাশভংগীৰ নতুনত্বৰে সমসাময়িক জীৱনৰ বিষয়বস্তুৰ পৰা তাৎপৰ্য আৱিষ্কাৰৰ চেষ্টা কৰিছে, তাৰ ভিতৰত ধীমান বৰ্মনো এজন।… তেওঁৰ কবিতা সূক্ষ্মভাৱে পঢ়াৰ প্ৰয়োজন হয়। তেওঁৰ শব্দ ব্যৱহাৰত মাজে মাজে একোটা আকস্মিক উন্মোচনে চমকিত কৰে। তাত একোটা নতুন তাৎপৰ্য মোচৰ দি উঠে। মাজে মাজে তেওঁৰ পৰীক্ষাই একোটা অধিপাঠৰ সৃষ্টি কৰে। তাৰ মাজতে পৰিহাসে খেলা কৰি যায়। “
“… ইমানৰ পাছতো, আমি সেই দিনটোলৈ ৰৈছোঁ
যিদিনা আপোনাসৱে বুজিব
আকাশ চুবৰ বাবে নহয়
একেলগে সূৰ্যোদয় চাবৰ বাবেহে। “
(ক্ৰীতদাস)
ধীমান বৰ্মনৰ কবিতা সম্পৰ্কে লেখক-সমালোচক অৰিন্দম বৰকটকীৰ মন্তব্য এনেধৰণৰ—
“… এটা নীৰৱ খাদৰ পৰা তেওঁৰ কবিতাবোৰ যেন উঠি আহি বাস্তৱৰ মুখামুখি হৈছে—আৰু সেই মুখামুখিৰ অভিজ্ঞতাই অনা প্ৰশ্নবোধক চাৱনি, সন্তুষ্টিৰ পাছতো ৰৈ যোৱা যন্ত্ৰণা আৰু কেতবোৰ মানৱীয় প্ৰত্যাশাই তেওঁৰ কবিতাৰ উৎস হৈ ৰৈছে।”
মৰি যাবওতো পাৰোঁ
ধীমান বৰ্মন
পূৰ্বায়ণ প্ৰকাশন

মৰি যাবওতো পাৰোঁ
ধীমান বৰ্মন
MORI JABOUTO PARU : A COLLECTION OF ASSAMESE POEMS
WRITTEN BY : DHIMAN BARMAN
PUBLICATION : PURBAYON
ISBN : 978-93-92699-21-4
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 119
LANGUAGE : ASSAMESE

MORI JABOUTO PARU – POEM...

Original price was: ₹ 160.00.Current price is: ₹ 128.00.

In stock

or
error: Content is protected !!