“আমাৰ তাতো যদি এনেধৰণৰ বস্তু থাকিলেহেঁতেন”—‘বিগ বেন’টোৰ ফাললৈ দৃষ্টি নিক্ষেপ কৰি ৰাণীয়ে উত্তৰ দিলে। ৰাণীৰ বাহুত জোৰেৰে খামুচি ধৰি শংকৰে কৈছিল—“কল্পনা কৰাচোন, এনে বৃহৎ আকাৰৰ চকৰি এটা যদি আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰতো থাকিলেহেঁতেন। চকৰিৰ মূধচৰ পৰা পশ্চাদপটত কামাখ্যা মন্দিৰ, তলৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত উমানন্দ মন্দিৰ আৰু দিগন্তত মেঘালয়ৰ পাহাৰীয়া সৌন্দৰ্যৰে কি এক অপৰূপ দৃশ্য দেখিবলৈ পোৱা গ’লহেঁতেন! ”
ব্যতিক্ৰমী বিষয়বস্তুৰে এখনি অগতানুগতিক মননশীল উপন্যাস —“আমাৰ ধৰালৈ সৰগ নামিছে”।
মাণিক শইকীয়াৰ ইংৰাজী উপন্যাস ‘Heaven Descends on Our Earth’ৰ অসমীয়া ৰূপান্তৰণ অতুল চন্দ্ৰ শৰ্মা অনূদিত এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
উপন্যাসখনৰ বিষয়বস্তু তথা বৈশিষ্ট্য সম্পৰ্কে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কৈছে —
“উপন্যাসখনৰ মুখ্য চৰিত্ৰ শংকৰৰ জন্ম ১৯৫৫ চনত, অসমৰ এখন গাঁৱত। এক অস্বাভাৱিক সুদীৰ্ঘ জীৱন যাপন কৰা শংকৰে ২১০০ চনৰ জানুৱাৰীত ১৪৫ বছৰ পূৰ্ণ কৰিছে। হয়, আপুনি ঠিকেই পঢ়িছে। ২১০০ চনত ১৪৫ বছৰ। তেওঁৰ আজোনাতি কৃষ্ণৰ জন্ম ২০৭০ চনত। উপন্যাসখন ১৪৫ বছৰীয়া শংকৰৰ আজোনাতি কৃষ্ণৰ সৈতে সুদীৰ্ঘ জীৱনৰ কথোপকথন। কিন্তু সেই কথোপকথন এগৰাকী ব্যক্তিৰ জীৱনৰ ঘটনা-দুৰ্ঘটনাৰ কথোপকথন নহয়। এই কথোপকথন সমগ্ৰ মানৱ জীৱনৰ জীৱন আৰু এক ইউটোপিয়া অভিমুখী যাত্ৰাৰ বিচিত্ৰ বিৱৰণ। ”
চমকপ্ৰদ এটি মনোৰম কাহিনীৰ জৰিয়তে উপন্যাসখনে ভৱিষ্যতৰ পৃথিৱীখন আৰু নৱ প্ৰজন্মক লৈ এক প্ৰবল আশাবাদ কঢ়িয়াইছে। ঔপন্যাসিকে প্ৰতিটো খোজতে সৰগতুল্য সৰ্বাংগসুন্দৰ পৃথিৱী এখনৰ সপোন দেখিছে। উপন্যাসখনৰ সমাপ্তিও এনেদৰেই—
” হৃদয়ৰ গভীৰ কোণত কৃষ্ণৰ এক গভীৰ আশা জাগি উঠিল —
আকাশৰ সিপাৰে নিশ্চয় ঈশ্বৰৰ বাসস্থান–অন্য এখন সৰগ আছে, য’লৈ গৈ বাপুৱে আজো আইতা ৰাণী, মীনা, আজোককা জাকীৰ, গুড্ডু, ককাক মানৱ আৰু ঘনিষ্ঠ প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব। বাপুৱে যেন তেওঁলোকক ক’ব—“আমাৰ সুন্দৰ পৃথিৱীখনেই এতিয়া সৰগলৈ ৰূপান্তৰ হ’ল। ”
প্ৰচুৰ তথ্য আৰু ঘটনাৱলীৰ উপস্থাপন, ইতিহাসৰ বহুতো চৰিত্ৰৰ বিচিত্ৰ সমাহাৰৰ উপৰি অভিনৱ ৰচনাশৈলী, উপস্থাপন ৰীতি, আংগিকৰ নতুনত্ব তথা অনুবাদৰ সাৱলিলতাই উপন্যাসখনক অনন্য কৰি তুলিছে।
মন আৰু মগজুক উদ্বেলিত কৰিব পৰা চিন্তা উদ্ৰেককাৰী এই উপন্যাসখন পঢ়ি পাঠকে অপূৰ্ব তৃপ্তি লাভ কৰিব।
আমাৰ ধৰালৈ সৰগ নামিছে
অতুল চন্দ্ৰ শৰ্মা (অনুবাদক)
পূৰ্বায়ণ প্ৰকাশন

Aamar Dharaloi Sarag Namise Ma...
error: Content is protected !!