যিকেইগৰাকী তৰুণ কবিয়ে অসমীয়া কবিতালৈ প্ৰাণচাঞ্চল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তাৰ ভিতৰত জংকি শৰ্মা অগ্ৰণী। আমাৰ পৰিচিত জগতখনকে অন্য এটা দৃষ্টিৰে নতুনকৈ আৱিষ্কাৰ কৰি তাক একক প্ৰকাশভংগীৰে উদ্ভাসিত কৰি তোলাৰ জৰিয়তে কবিগৰাকীয়ে পঢ়ুৱৈৰ অন্তৰ আলোড়িত কৰিবলৈ সক্ষম হৈছে।
বিশিষ্ট কবি নীলিম কুমাৰে জংকি শৰ্মাৰ কবিতাৰ বিষয়ে কৈছে– একান্ত ব্যতিক্ৰমী উপস্থিতিৰ সৈতে জংকি শৰ্মাৰ ‘বিচ্ছেদবাদ আৰু অন্যান্য কবিতা’ সংকলনখন অনেক দিশত বিশিষ্ট। এই কবিতাবোৰ আমাৰ চিন্তা, চেতনা, আবেগ, অনুৰাগ, প্ৰেমৰ সাধাৰণ অনুভূতিৰ মাজেৰে গৈ অসাধাৰণ হৈ উঠাৰ পথত ভৰি দিয়ে। শব্দাৰ্থ গোপন কৰা আৰু গোপনীয়তাক ভঙাৰ ইংগিতময় ভাষাৰ যি খেল জংকি শৰ্মাই খেলে, সিয়ে পাঠকসকলৰ কাব্যৰসৰ পানপাত্ৰ ওপচাই দিয়ে আৰু পাঠক মুগ্ধ-বিমুগ্ধ-অবাক নোহোৱাকৈ নাথাকে।
অসমীয়া কবিতাৰ নতুন স্বৰৰ উমান পাবলৈ তথা কবিতাৰ ব্যতিক্ৰমী সৌন্দৰ্য-সুষমা পান কৰিবলৈ জংকি শৰ্মাৰ কবিতা হ’ব পাৰে পঢ়ুৱৈৰ অসামান্য নিৰ্বাচন।
পঢ়ুৱৈৰ কাব্যৰসৰ পানপাত্ৰ ওপচাই দিয়া কবিতা
জংকি শৰ্মাৰ
বিচ্ছেদবাদ আৰু অন্যান্য কবিতা
দাম : ১৮০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১

Bichyedbad Aru Anyanya Kobita ...
error: Content is protected !!