ঊনবিংশ আৰু বিংশ শতিকাৰ প্ৰেক্ষাপটত লিখা অসমৰ সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক এলানি তথ্যসমৃদ্ধ মনোৰম প্ৰবন্ধ সংকলন —“অন্বেষণ-ঊনবিংশ শতিকা আৰু অন্যান্য”। ড০ মিলন নেওগৰ এই সংকলনটি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা,লক্ষ্মীনাথ বেজবৰুৱা,পদ্মনাথ গোহাঞিবৰুৱা, বিষ্ণু ৰাভাৰ পৰা ভূপেন হাজৰিকালৈকে; অসমৰ জাতীয় সংগীত, ভক্তিধৰ্ম,আধুনিক চিন্তাত শংকৰদেৱ আৰু অসমৰ মধ্যবিত্তীয় শ্ৰেণীৰ জনগোষ্ঠীয় চেতনা সম্পৰ্কীয় দিশো এই গ্ৰন্থখনে সামৰি লৈছে।
পৰমানন্দ মজুমদাৰে এই গ্ৰন্থখনৰ সন্দৰ্ভত কৈছে—
“… তেওঁৰ ৰচনাত প্ৰখৰ অনুসন্ধানী দৃষ্টিৰ পৰশ পৰিছে। তথ্যনিষ্ঠা আৰু ইতিহাস চেতনাৰ ভেটিত ৰচিত এই প্ৰবন্ধ সংকলনখনে তাৰে স্বাক্ষৰ বহন কৰিছে। প্ৰেক্ষাপটৰ সূক্ষ্ম পৰ্যবেক্ষণৰ হাত ধৰি চিন্তাই গতি লোৱা বাবে তাত আৱেগৰ পৰিৱৰ্তে বস্তুনিষ্ঠ চিন্তা প্ৰধান আধাৰ হৈ উঠিছে। ঔপনিৱেশিক যুগৰ বুদ্ধিজীৱীসকলৰ অৱদান, স্ববিৰোধ আৰু দ্বন্দ্বসমূহ নিৰ্মোহভাৱে নেওগে উপস্থাপন কৰি তাত তেওঁৰ নিজস্ব দৃষ্টিভংগী বিশ্বাসযোগ্যভাৱে তুলি ধৰিছে।”
এইখিনিতে প্ৰভাত বৰাই আগকথাত লিখা আন এটি মন্তব্য প্ৰণিধানযোগ্য–
“ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভণি কালছোৱাত আধুনিকতাৰ ৰ’দ-কাচলি আহি পৰাৰ পিছৰে পৰা বিংশ শতিকাৰ আদি ভাগলৈকে অসমৰ সমাজ-সংস্কৃতিক অন্তৰ্গত কৰি লোৱা তেওঁৰ অধ্যয়নে অসমৰ সাংস্কৃতিক ইতিহাস অধ্যয়নৰ কিছুমান নতুন দিশ উন্মোচিত হোৱাৰ পথ প্ৰশস্ত কৰি তুলিছে।… এই গ্ৰন্থখন আমাৰ জাতীয় সংস্কৃতিৰ ঐতিহাসিক অধ্যয়নত এক বিশিষ্ট মূল্যৱান সংযোজন হিচাপে বিবেচিত হ’ব। ”
অন্বেষণ-ঊনবিংশ শতিকা আৰু অন্যান্য
ড০ মিলন নেওগ
পূৰ্বায়ণ প্ৰকাশন

ANNESHWAN – UNABINGSHA S...

 144.00

Out of stock

error: Content is protected !!