বাংলাদেশত ঐতিহাসিকভাৱে বিভাজিত অসমীয়াৰ সন্ধান দিয়া এখন বৈচিত্ৰ্যপূৰ্ণ গ্ৰন্থ
কৰ্ণফুলিৰ পাৰত
তপন কুমাৰ শৰ্মাৰ
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 220
মূল্য : ২২০ টকা
# ২০১৩ চনত চিটাগং পাহাৰ অঞ্চলত আমি উপস্থিত হোৱাৰ আগলৈকে অসমৰ জনসাধাৰণে গমে পোৱা নাছিল যে তাত ‘অসম বস্তি’ বুলি ডাঙৰ ঠাই এখন আছে৷ ভাল লগা কথা, তাৰ লোকসকলৰ উপাধি ‘আসাম’৷ তেওঁলোক তালৈ কেতিয়া আৰু কেনেকৈ গ’ল? তেওঁলোক মানভগনীয়াৰ? ওহোঁ, নহয়৷ তেনেহ’লে তেওঁলোক কোন? তেওঁলোকৰ কাহিনী উপন্যাসতকৈ মনোৰম আৰু বিচিত্ৰ৷
# বাংলাদেশৰ এই মুহূৰ্তত আটাইতকৈ জনপ্ৰিয় বাউল সংগীতজ্ঞ জন অসমীয়া৷ বাংলাদেশৰ ‘বীৰ উত্তম’ সামৰিক পদবী প্ৰাপ্ত লোকৰ এজন অসমীয়া৷
# ৰংপুৰ জিলাৰ নলবাৰীৰ অসমীয়া ব্ৰাহ্মণ কেইজনমান স্থায়ীভাৱে বাস কৰে৷
# বাংলাদেশৰ হাজং আৰু কোচ-ৰাজবংশীসকল কেনে আছে?
# ওপৰত উল্লেখিত কথাবোৰতকৈও বহু শ্বাসৰুদ্ধকাৰী কথাৰে ভৰা উল্লেখিত কিতাপখন৷ পোনপটীয়া ভ্ৰমণ, সাক্ষাৎকাৰ, সমীক্ষা, গৱেষণাৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰন্থ৷ কল্প কাহিনীতকৈও মনোৰম কথাবোৰ পঢ়ি, কথা দিছোঁ, খুব ভাল পাব৷

Karnaphulir Parat – Tapa...

Original price was: ₹ 220.00.Current price is: ₹ 187.00.

Out of stock

error: Content is protected !!