বেদ (সংস্কৃত: वेद) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। সংস্কৃত শব্দ বেদৰ অৰ্থ হৈছে জ্ঞান। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল। চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ। ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ’ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা (মন্ত্ৰ আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)-ত ভাগ কৰা হৈছে।
উপনিষদ সমূহ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদৰ শেষাংশ বুলিব পাৰি। হিন্দু ধৰ্মৰ আদি আৰু প্ৰধান শাস্ত্ৰ বেদ চাৰি ভাগত বিভক্ত। প্ৰতিখন বেদৰে তিনিটা ভাগ থাকে। সেয়া হ’ল (১) সংহিতা বা মন্ত্ৰ, (২) ব্ৰাহ্মণ আৰু (৩) আৰণ্যক। ইয়াৰে আৰণ্যকৰ শেষাংসক উপনিষদ বোলা হয়। বেদৰ শেষ (অন্ত) ভাগ হোৱা বাবে উপনিষদক বেদান্ত অৰ্থাৎ বেদৰ অন্ত বুলিও জনা যায়। উপনিষদৰ দ্বাৰা ব্ৰহ্মত্ব প্ৰাপ্তি হয় বাবে এই শাস্ত্ৰক ব্ৰহ্মবিদ্যাও বোলা হয়। উপনিষদ শব্দ সংস্কৃত শব্দ ষদ্লৃ ধাতুৰ পৰা নিষ্পন্ন হৈছে।
© scientiabooks.in an online Book Store in Guwahati, Assam India.
In stock
RGVEDA ( MAN...
SKU: 8076₹ 250.00Original price was: ₹ 250.00.₹ 212.00Current price is: ₹ 212.00. Add to cart