"অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন ধাৰা বোঁৱাই আনা মহেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একেধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন৷ তেওঁ সম্পাদনাৰ কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি৷ তেওঁৰ ৰচনাৰাজিৰ মাজেদি পৰিস্ফুট হয় তেওঁৰ জ্ঞানৰ মহত্তম সীমা৷ ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত৷ পিতৃ মাণিক চন্দ্ৰ নেওগ৷ মাতৃ চন্দ্ৰপ্ৰভা নেওগ৷ কমাৰফদীয়া স্কুল, শিৱসাগৰ, উত্তৰ লখিমপুৰত প্ৰাথমিক শিক্ষা, যোৰহাট হাইস্কুলৰ পৰা ষ্টাৰ নম্বৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷ কটন কলেজৰ পৰা আই এছ চি প্ৰথম বিভাগত উত্তীৰ্ণ(১৯৩৬), ইংৰাজীত সন্মান সহকাৰে স্নাতক পৰীক্ষাত উত্তীৰ্ণ, কলিকতাত বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ(১৯৪৭)৷ যোৰহাট মিশ্যন হাইস্কুল, শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল আৰু যোৰহাট হাইস্কুলত শিক্ষকতা৷ ১৯৪৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট ব’ৰ্ডত ক্ৰমে কাৰ্যালয় সচিব তথা কাৰ্যাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ৷ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ৷ ১৯৫৭ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু আসনৰ পদ শুৱনি কৰি সেই পদতে ১৯৭৮ চনলৈ কাৰ্যনিৰ্বাহ থাকে৷ আৰ্ট ফেকাল্টি ১৯৭৪৷ পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰত ১৯৭৮ ৰ পৰা ১৯৮৩ চনলৈকে শংকৰদেৱ আসনৰ অধ্যাপক৷ সহকাৰী সম্পাদক কটনিয়ান ১৯৩৬-৩৭৷ গুৱাহাটী এ এছ এল ক্লাৱ ১৯৩৬-৩৭৷ সম্পাদক ৰামধেনু(১৯৪৯-৫০), ঝংকাৰ(১৯৫৪-৫৫), Journal Of University Of Guwahati (১৯৫৮), বৰগীত গৱেষণা সমিতি, অসম সঙ্গীত নাটক একাডেমী, সভাপতি সৰ্বভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলন , সুকুমাৰ কলা বিভাগ আলিগড়, জয়ন্তী৷ পদ্মশ্ৰী(১৯৭২), অসম সাহিত্য সভাৰ সভাপতি(১৯৭৪), অসম সাহিত্য সভাৰ সদস্য মহীয়ান(১৯৮৮), শংকৰদেৱ বঁটা(১৯৮৯), সঙ্গীতৰ নাটক একাডেমীৰ জলপানি (১৯৯৫)৷
© scientiabooks.in an online Book Store in Guwahati, Assam India.