‘দ্য জয় অৱ ৰিডিঙ’ত ইস্কাইলাছৰ ব্যংগ নাটসমূহৰ বিষয়ে পঢ়িছিলোঁ৷ জৰ্জ অৰৱেল, ডাৰিঅ’ ফৌ বা কিষণ চন্দৰ আদি লেখকৰ ব্যংগ লেখাসমূহ আমাৰ অসমীয়া মানুহৰো চিনাকি৷ বেজবৰুৱাৰ পাছত অসমীয়া সাহিত্যত ব্যংগ লেখা অতি কম৷ ডঃ হীৰেন গোহাঁইৰ ৰচনাত ব্যংগৰ যি অসাধাৰণ ব্যৱহাৰ, সেয়া নোবেলজয়ী ডাৰিঅ’ ফৌ প্ৰভৃতি লেখকৰ সৈতেহে তুলনীয়৷ প্ৰচুৰ অধ্যয়ন আৰু অসাধাৰণ মেধাৰ অধিকাৰী ডঃ গোহাঁইৰ দৰে ব্যক্তিৰ বাবেহে সেয়া সম্ভৱ হৈ উঠিছে৷ ডঃ গোহাঁইৰ পাছত ব্যংগৰ অসামান্য ব্যৱহাৰ লক্ষ্য কৰিছোঁ লেখক, ঔপন্যাসিক সৌমিত্ৰ যোগীৰ ‘মহৎ জাবৰ’ত৷ ডঃ গোহাঁইৰ দৰেই কোনো এটা বাক্যৰ তীৰ্যকতা বা ব্যংগাত্মক উপস্থাপনেৰে পাঠকক চমকিত কৰিব পাৰে সৌমিত্ৰ যোগীয়েও৷ পাঠকৰ বাবে সেই অভিজ্ঞতা অতুলনীয়৷
@ অৰ্ণৱ শইকীয়া
“নতুন শতিকাটোৰ প্ৰথম দশকৰ মাজভাগৰ পৰা অসমীয়া সাহিত্যই পালে এজন নতুন লেখক আৰু এক নতুন ধৰণৰ ব্যংগ সাহিত্য৷ পৰিহাস-অত্যুক্তি-ব্যংগোক্তিৰে ভৰা লেখা আগতেও আছিল৷ কিন্তু পৰিৱৰ্তিত সমাজত নিজা সমাজ বীক্ষণ, ভাষাৰ চোক, অকুতোভয় দৃষ্টিকোণেৰে সৌমিত্ৰ যোগীৰ আগমন আছিল খৰাঙত ছিঁৰালফাট দিব ধৰা অসমীয়া ব্যংগক্ষেত্ৰখনত এজাক কাংক্ষিত বৰষুণ৷ তেওঁৰ শাণিত শব্দই কেতিয়াবা এনে ৰূপ লয় যে ধাৰেও কাটে, গদিৰেও কাটে৷ সাহিত্য সম্পাদক হিচাপে অনুভৱ কৰিছিলোঁ সৌমিত্ৰক লৈ পঢ়ুৱৈৰো ব্যগ্ৰতা৷”
@ দিগন্ত ওজা

সুগন্ধি কাউৰী
সৌমিত্ৰ যোগী
XUGANDHI KAURY : A COLLECTION OF SATIRES BY SAUMITRA JOGEE
PUBLICATION : AANK BAAK
ISBN : 978-93-90610-72-3
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2021
PAGES : 126
LANGUAGE : ASSAMESE

XUGANDHI KAURY – COLLECT...

 127.00

In stock

or
error: Content is protected !!