No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 280.00 ₹ 224.00
শিয়ালী এ নাহিবি ৰাতি (সাধুকথাৰ পদ্যৰূপ)
সম্পাদনা : গীতুমণি তালুকদাৰ
XIALI A NAHIBI RATI : A CHILDREN BOOK BASED ON ASSAMESE FOLKATLE
EDITED BY : GITUMONI TALUKDER
PUBLICATION : PURBAYON
ISBN : 978-93-92699-02-3
প্ৰথম প্ৰকাশ : ডিচেম্বৰ 2021
PAGES : 272
LANGUAGE : ASSAMESE
Out of stock
“সিদিনা দোভাগ ৰাতি
বিহু চাবলৈ শিয়ালী ওলাল
লগত নিনিলে ল’-ছালিগাল
শিয়ালক দিলে ঘৰ চোৱাৰ পাল
হ’বলৈ গৃহস্থনী
চম্ভালি সকলো ঘৰুৱা জঞ্জাল
পো-পোৱালি যত আহুকাল… ”
—-গগন চন্দ্ৰ অধিকাৰী
“শিয়ালী এ নাহিবি ৰাতি”—বাছকবনীয়া সাধুকথাৰ মনোগ্ৰাহী পদ্য ৰূপ। মূলতঃ শিশুসকলৰ বাবে চিত্তাকৰ্ষক হোৱাকৈ এই সংকলনটিত ৭০ গৰাকী লেখক তথা শিশু সাহিত্যিকে ছন্দোৱদ্ধ ৰূপ দিয়া ৭০ টি সাধু সন্নিৱিষ্ট কৰা হৈছে। গীতুমণি তালুকদাৰে সম্পাদনা কৰা গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
এই গ্ৰন্থত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি ঈছপৰ সাধু, গ্ৰীমৰ সাধু, বীৰবলৰ সাধুলৈকে ভিন্নস্বাদৰ সাধুকথা সাঙুৰি লোৱা হৈছে। এই সাধুবোৰৰ সহজ-সৰল, মন পৰশা পদ্যৰূপে কেৱল শিশুসকলকে নহয়; সকলো বয়সৰ পাঠককে আমোদ দিব।
সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা প্ৰাপক যুগললোচন দাসৰ ভাষাত—“… এয়া এক সুন্দৰ প্ৰচেষ্টা। পদ্যৰ ৰূপত সাধুবোৰ শুনি শিশুসকল আনন্দিত হ’ব। ছন্দোবদ্ধ শব্দৰে সজোৱা পদ্যই সাধুটোকেই ৰসাল কৰি তোলে। ”
সম্পাদকৰো আশা—“সাধুৰ পদ্যৰূপে শিশুসকলৰ আলফুল মনটোক আকৌ আলফুলীয়া কৰিব। আমাৰ মাজতেই সিঁচৰতি হৈ থকা আমাৰ চিনাকি, আমাৰ হেঁপাহৰ সাধুবোৰে পদ্যৰ ৰূপত আহি ওমলাবহি আমাৰ অকণিহঁতক। ”
কোমল বয়সীয়া শিশুৰ মন আকৰ্ষণ কৰিব পৰাকৈ গ্ৰন্থখনত প্ৰতিটো পদ্যৰ সৈতে সংযোগ কৰা সুন্দৰ ছবিসমূহেও গ্ৰন্থখনক অনন্য মাত্ৰা দিছে। ক’ব পাৰি যে, “শিয়ালী এ নাহিবি ৰাতি”য়ে শিশুমনৰ চাহিদা খুব সুন্দৰকৈ পূৰণ কৰিব পাৰিব।
শিয়ালী এ নাহিবি ৰাতি
গীতুমণি তালুকদাৰ (সম্পাদক)
পূৰ্বায়ণ প্ৰকাশন
শিয়ালী এ নাহিবি ৰাতি (সাধুকথাৰ পদ্যৰূপ)
সম্পাদনা : গীতুমণি তালুকদাৰ
XIALI A NAHIBI RATI : A CHILDREN BOOK BASED ON ASSAMESE FOLKATLE
EDITED BY : GITUMONI TALUKDER
PUBLICATION : PURBAYON
ISBN : 978-93-92699-02-3
প্ৰথম প্ৰকাশ : ডিচেম্বৰ 2021
PAGES : 272
LANGUAGE : ASSAMESE
₹ 160.00 ₹ 128.00
₹ 280.00 ₹ 224.00
© scientiabooks.in an online Book Store in Guwahati, Assam India.