চাও লুং চুকাফাৰ সান্নিধ্যত অসম আৰু অৰুণাচল প্ৰদেশৰ ত্তাই খাময়াংসকলৰ ইতিবৃত্ত
চৈমেত বাইলুংৰ
ত্তাই খাময়াং বুৰঞ্জী
(চিতৌ ত্তাই খাময়াং)
মূল্য : ১৯০/- টকা
ত্তাই খাময়াং বুৰঞ্জী গ্ৰন্থখন বহুকেইটা দিশৰ পৰা এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ প্ৰবীণ লেখক চৈমেত বাইলুঙৰ এই গ্ৰন্থখন মুঠ ২৭ টা অধ্যায়ত বিভক্ত৷ কিতাপখনৰ আৰম্ভণিতে মানৱ জাতিৰ প্ৰব্ৰজন আৰু সংমিশ্ৰণ, ত্তাই জাতি আৰু খাময়াংসকলৰ উৎপত্তি সম্পৰ্কত প্ৰচলিত কিংবদন্তি, ত্তাই জাতিৰ প্ৰাচীন সভ্যতা, প্ৰব্ৰজন, ৰাজ্য বিস্তাৰ, খাময়াং নামৰ অৰ্থ, পুণ্যভূমি ঐশালী [বৈশালী] বা অসম, পাংচাও গিৰিপথ, অসমলৈ প্ৰৱেশদ্বাৰ, চুকাফাৰ বিজয় অভিযান, খাময়াঙৰ বিদ্ৰোহী দমন, চুকাফাৰ জীৱন কাহিনী, চুকাফাৰ অসম অভিযান, চুকাফাৰ সান্নিধ্যত খাময়াংসকল, কাচিন-খাময়াং সংঘাত, ত্তাই-খাময়াঙৰ অসম আগমন, অসমত মোৱামৰীয়া বিদ্ৰোহ, তিতাবৰত খাময়াঙৰ সংস্থাপন, খাময়াংসকলৰ আৰু দুটা দলৰ প্ৰব্ৰজন, মান-ত্তাই বিৰোধ, মানৰ আক্ৰমণ, খামতি বিদ্ৰোহত কৰ্ণেল হোৱাইটসহ ব্ৰিটিছ পক্ষৰ ৮০ জনৰ হত্যা, মান-চিংফৌৱে ধৰি নিয়া অসমীয়াৰ মুক্তি আদিৰ উপৰি ত্তাই জাতিৰ উৎপত্তি, ত্তাইসকলৰ আদি বাসস্থান, প্ৰব্ৰজন আদি সম্পৰ্কে বিস্তৃতভাৱে উল্লেখ আছে৷

অসমৰ বৰ্ণিল সংস্কৃতি আৰু বৈচিত্ৰ্যময় জাতীয় জীৱনক সমৃদ্ধ কৰি ৰখা এক অন্যতম জনগোষ্ঠী ‘ত্তাই খাময়াং’। চৈমেত বাইলুঙৰ #ত্তাই_খাময়াং_বুৰঞ্জী এই জনগোষ্ঠীৰ ইতিহাস আৰু সাম্প্ৰতিক অৱস্থিতিৰ সামগ্ৰিক অৱলোকন; য’ত মুঠ ২৬ টা অধ্যায়ত খুটিনাটি মাৰি সকলো ঐতিহাসিক প্ৰসংগ আলোচনা কৰা হৈছে।
গ্ৰন্থখনৰ আৰম্ভণিতে “পৃথিৱীত মানৱ জাতিৰ প্ৰব্ৰজন আৰু সংমিশ্ৰণ” সম্পৰ্কে এটি ধাৰণা আগবঢ়োৱা হৈছে। পৰৱৰ্তী অধ্যায়সমূহত ত্তাই জাতিৰ উৎপত্তিৰ পৰা ত্তাই খাময়াংসকলৰ নতুন গাঁও প্ৰতিষ্ঠালৈকে এক বিশাল পৰিসৰ সামৰি লোৱা হৈছে ।
লেখকে প্ৰচুৰ অধ্যয়নলব্ধ জ্ঞান আৰু নিজস্ব দৃষ্টিকোণেৰে বিষয়সমূহত আলোকপাত কৰিছে। ত্তাই খাময়াংসকলৰ উৎপত্তি সম্পৰ্কীয় কিংবদন্তি, প্ৰাচীন সভ্যতা, প্ৰব্ৰজনৰ ইতিহাস, সমাজ, সংস্কৃতি, ধৰ্ম, লোকাচাৰ আদি মূল দিশসমূহ গুৰুত্বসহকাৰে আলোচনা কৰাৰ লগতে লেখকে অন্য কেতবোৰ প্ৰাসংগিক বিষয়ো সমান্তৰালভাৱে অৱতাৰণা কৰিছে । জনগোষ্ঠীটোৰ পৰ্যায়ক্ৰমিক ইতিহাসক স্পষ্ট আৰু শৃংখলাবদ্ধ ৰূপত উপস্থাপনৰ বাবে চ্যুকাফাৰ জন্ম বৃত্তান্ত, জীৱনচৰ্যা, বিজয় অভিযান আদিৰ লগতে প্ৰাসংগিকভাৱে অন্যান্য স্বৰ্গদেউসকলৰ ৰাজত্ব সম্পৰ্কীয় ঘটনাৱলীকো আলোচনাৰ মাজলৈ আনিছে। তদুপৰি স্বাভাৱিকতে, জনগোষ্ঠীটোৰ ইতিহাসে সামৰি ৰখা বাদ-বিবাদ, সংঘাত, আক্ৰমণ, প্ৰত্যাক্ৰমণ আদিবোৰকো গ্ৰন্থখনৰ আলোচনাত স্থান দিয়া হৈছে।
বুৰঞ্জী বিষয়ক গ্ৰন্থ হিচাপে #ত্তাই_খাময়াং_বুৰঞ্জী ত পৰ্যাপ্ত তথ্য সন্নিৱিষ্ট কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে কৰা চিত্ৰ সংযোজনে বিষয়বস্তুক স্পষ্টতা প্ৰদান কৰিছে । মন কৰিবলগীয়া যে, লেখকে কম পৰিসৰতে বিস্তৃত বিষয় এটিৰ সকলো আনুষংগিক দিশ সামৰি জনগোষ্ঠীটোৰ ইতিহাস সাৱলীল ৰূপত তুলি ধৰিব পাৰিছে।
গ্ৰন্থখনৰ দ্বাৰা, ত্তাই খাময়াং জনগোষ্ঠী সম্পৰ্কে পাঠকে সামগ্ৰিক ধাৰণা এটা লাভ কৰিব পাৰিব । ক’ব পাৰি যে, এই গ্ৰন্থখন তুলনামূলকভাৱে কম পৰিমাণে আলোচিত হোৱা ত্তাই খাময়াংসকলৰ ইতিহাসৰ এটি সুন্দৰ মূল্যায়ন।
#ত্তাই_খাময়াং_বুৰঞ্জী
#চৈমেত_বাইলুং
#পূৰ্বায়ণ_প্ৰকাশন

অসম আৰু অৰুণাচল প্ৰদেশৰ ত্তাই খামায়াংসকলৰ ইতিবৃত্ত
ত্তাই খামায়াং বুৰঞ্জী (চিতৌ ত্তাই খামায়াং)
(পৰিবৰ্ধিত সংস্কৰণ )চৈমেত বাইলুং
THAI KHAMYANG BURANJI (CHITOU THAI KHAMYANG)
WRITTEN BY : CHAIMET BAILUNG
PUBLISHED BY : PURBAYON
PUBLICATION : PURBAYON
ISBN : 978-93-89940-30-5
দ্বিতীয় প্ৰকাশ : ফেব্ৰুৱাৰী, 2021

THAI KHAMYANG BURANJI (CHITOU ...

 152.00

In stock

or
error: Content is protected !!