কিশোৰ জগতৰ বিচিত্ৰৰঙী চিত্ৰৰ সমাহাৰ ঘটা কুৰিটা কিশোৰ উপযোগী গল্পৰ সংকলন
সূৰ্যমুখী সময়
সম্পাদনা : পলাশ বৰুৱা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
কিশোৰ জগতৰ বিচিত্ৰৰঙী কিছুমান চিত্ৰৰ সমাহাৰ ঘটিছে পলাশ বৰুৱা সম্পাদিত ‘সূৰ্যমুখী সময়’ গ্ৰন্থত৷ কুৰিটা কিশোৰ উপযোগী গ্ৰন্থৰ এই সংকলনখন কেইবাটাও দিশৰ পৰা অসমীয়া সাহিত্যৰ বাবে এক উল্লেখনীয় সংযোজন৷ শিশু-কিশোৰৰ সাহিত্যক অসমীয়া সাহিত্যত আজিও কিছু পৰিমাণে এলাগী কৰি ৰখাৰ অভিযোগ উঠি অহাটো নতুন কথা নহয়৷ কিশোৰৰ বাবে কৰা সুচিন্তিত পৰকিল্পনাৰো বৰ বেছি উদাহৰণ পাবলৈ নাই৷ পলাশ বৰুৱাৰ সূৰ্যমুখী সময়ে সেই খালী ঠাইকে পূৰণ কৰা বুলি নিসন্দেহে ক’ব পাৰি৷ সংকলনখনত সংকলিত হৈছে অজিত বিকাশ গোহাঁই বৰুৱা, সোমনাথ বৰা, কঞ্জলোচন পাঠক, পবিত্ৰ ৰাজখোৱা, লোপামুদ্ৰা ভট্টাচাৰ্য, মণিকা দেৱী, পল্লৱী বৰা, মুকুন্দ মাধৱ নেওগ, বিপাশা বৰা, সুপ্ৰকাশ ভূঞা, প্ৰদ্যুন্ম কুমাৰ গগৈ, পঞ্চানন হাজৰিকা, উপাসনা শইকীয়া, স্ৰোতস্বিনী তামুলী, সংস্থিতা শৰ্মা আদিৰ দৰে বিভিন্ন প্ৰজন্মৰ প্ৰতিষ্ঠিত গল্পকাৰসকলৰ কুৰিটা বাছকবনীয়া গল্প৷ সংকলখন সাহিত্যৰসিকৰ বাবে স্বাভাৱিকতে হৈ উঠিছে আগ্ৰহৰ কাৰণ৷

SURJYAMUKHI SOMOY – A CO...

 208.00

In stock

or
error: Content is protected !!